Local, Vocal, Global

Netrakamal Barthakur Passes Away : প্ৰবীণ নাট্যকাৰ, অভিনেতা তথা ‘শ্ৰীগুৰু’ থিয়েটাৰৰ প্ৰযোজক নেত্ৰকমল বৰঠাকুৰৰ দেহাৱসান

নগাঁও, ১৫ জুন : প্ৰবীণ নাট্যযোদ্ধা তথা ‘শ্ৰীগুৰু’ থিয়েটাৰৰ প্ৰযোজক নেত্ৰকমল বৰঠাকুৰ আৰু নাই (netrakamal barthakur passes away) । বৃহস্পতিবাৰে পুৱা নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে নেত্ৰকমল বৰঠাকুৰে।

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ব্ৰাহ্মণ গাঁও নিৱাসী আছিল নেত্ৰকমল বৰঠাকুৰ । নাট্যক্ষেত্ৰৰ উপৰিও তেওঁ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক আছিল । শিল্পী বৰঠাকুৰে কুৰি শতিকাৰ পঞ্চম দশকৰ পৰাই অসমৰ নাট্য আন্দোলনৰ লগত নিজকে উৎসৰ্গিত কৰি, ভ্ৰাম্যমাণ নাট্য ইতিহাসৰ বাটকটীয়া ‘নটৰাজ’ থিয়েটাৰৰ প্ৰথম স্নাতক ডিগ্ৰীধাৰী হিচাপে অভিনয়ৰ লগত নিজকে জড়িত কৰি সেই সময়ত দৰ্শকৰ মৰম, আদৰ, হেঁপাহ বুটলিবলৈ সক্ষম হৈছিল।

প্ৰয়াত বৰঠাকুৰ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী । অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত তেওঁ আছিল সক্ৰিয় অংশগ্ৰহণকাৰী । আশীৰো উৰ্ধ্বৰ এইগৰাকী বহুমুখী প্ৰতিভাধৰ আছিল সুদক্ষ অভিনেতা, নাট পৰিচালক। অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ ‘নটৰাজ’ থিয়েটাৰত তেওঁ গ্ৰেজুৱেট শিক্ষকৰ চাকৰি এৰি যোগদান কৰিছিলগৈ। নাট্যজগতত অভিনেতা হিচাপে খোপনি পোতাৰ পাছতে তেওঁ ‘শ্ৰীগুৰু’ ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছিল (Sriguru Theater)।

নাট্যকাৰ হিচাপে বিশেষ খ্যাতি অৰ্জন কৰা নেত্ৰকমল বৰঠাকুৰৰ এখন জনপ্ৰিয় নাট ‘বলিয়া হাতী’। তেওঁ ৰচনা কৰা আন কেইবাখনো নাটকে বিশেষ সমাদৰ লাভ কৰিছিল । পৰবৰ্তী কালত অপেচাদাৰী নাট্যগোষ্ঠী ‘গাদী নাট্য গোষ্ঠী’ প্ৰতিষ্ঠা কৰি অসমৰ বিভিন্ন ঠাইত ‘বহ্ণিমান ব্ৰহ্মপুত্ৰ’, ‘বলিয়া হাতী’ ‘গাদী’, ‘চাবুক’, ‘ইতি শৃগালৰ কথা’ ‘যযাতি’ আদি নাটককে ধৰি চল্লিশ খন পূৰ্ণাংগ নাটক নিজে লিখি গণ চেতনা জাগ্ৰত কৰি সমাজলৈ যোগাত্মক বাৰ্তা দিবলৈ সক্ষম হৈছিল।

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ নগাঁও জিলাৰ অন্যতম নেতৃ স্থানীয় ব্যক্তি, শিক্ষাবিদ, বিশিষ্ট নাট্যকাৰ তথা পৰিচালক, নেত্ৰ কমল বৰঠাকুৰৰ বিয়োগত সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক : Wrestlers protest : ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন গোচৰৰ অভিযোগনামা দাখিলhttps://mynewsne.com/delhi-police-files-chargesheet-against-wfi-chief-brij-bhushan-singh/