Local, Vocal, Global

Wrestlers protest : ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন গোচৰৰ অভিযোগনামা দাখিল

নেশ্যনেল ডেস্ক, ১৫ জুন : দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে অৰ্থাৎ আজি দাখিল কৰে মল্লযুঁজাৰু যৌন নিৰ্যাতন গোচৰৰ অভিযোগনামা । ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে একাংশ মল্লযুঁজাৰুৱে অনা অভিযোগ সন্দৰ্ভত এই অভিযোগনামা দাখিল কৰা হয় (WFI chief Brij Bhushan Singh) ।

উল্লেখ্য যে, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে ৭ জুনত অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া আৰু সাক্ষী মালিকক সাক্ষাৎ কৰিছিল (Sports Minister Anurag Thakur) । কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে আলোচনাৰ অন্তত মল্লযুঁজাৰুসকলৰ দাবীসমূহ মানি লৈ ১৫ জুনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । ইয়াৰ পাছতে তাৰকা মল্লযুঁজাৰুসকলে তেওঁলোকৰ প্ৰতিবাদ স্থগিত ৰাখিছিল । মল্লযুঁজাৰুসকলক ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়ে আজি দাখিল কৰা হয় অভিযোগনামা (chargesheet was filed today ) ।

তথ্য অনুসৰি দিল্লীৰ ৰাউজ এভিনিউ আদালতত আইপিচিৰ ৩৫৪, ৩৫৪ডি, ৩৪৫এ আৰু ৫০৬ (১) ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে ।

আনহাতে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ মুৰব্বী ব্রিজ ভূষণ সিঙৰ বিৰুদ্ধে POCSO গোচৰ বাতিল কৰিলে দিল্লী আৰক্ষীয়ে ।

দিল্লী আৰক্ষীয়ে বিদেশী ৰাষ্ট্ৰসমূহৰ মল্লযুঁজ ফেডাৰেশ্যনসমূহলৈও কিছুমান তথ্য বিচাৰি পত্ৰ লিখিছে কিয়নো ঘটনাবোৰ প্ৰায় ৫ খন বেলেগ বেলেগ দেশত সংঘটিত হোৱাৰ অভিযোগ আছে । যিহেতু বিদেশী ফেডাৰেশ্যনৰে এতিয়াও সঁহাৰি দিয়া নাই, সেই ঘটনাবোৰৰ সৈতে সম্পৰ্কিত অভিযোগসমূহ বিদেশত সংঘটিত হোৱা বুলি পৰিপূৰক অভিযোগনামাত যোগ কৰা হ’ব ।

দিল্লী আৰক্ষীয়ে বিচৰা বিৱৰণত ফেডাৰেশ্যনৰ দ্বাৰা অনুষ্ঠিত প্ৰতিযোগিতাসমূহৰ ফটো আৰু ভিডিঅ’ অন্তৰ্ভুক্ত আছে । আৰক্ষী সূত্ৰৰ মতে আয়োজকসকলৰ দ্বাৰা মল্লযুঁজাৰুসকলক থাকিবলৈ দিয়া হোটেল বা অন্য স্থানৰ চিচিটিভি ফুটেজো বিচাৰিছিল দিল্লী আৰক্ষীয়ে ।

ব্ৰীজ ভূষণৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত গঠন কৰা বিশেষ অনুসন্ধানকাৰী দলে এতিয়ালৈকে ১৮০ জনৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে । দলটোৱে গোণ্ডাত বিজেপি সাংসদ ব্ৰীজ ভূষণ সিঙৰ বাসগৃহ পৰিদৰ্শন কৰিছে । সাংসদগৰাকীৰ আত্মীয়, সহকৰ্মী, ঘৰুৱা সহায়ক আৰু তেওঁৰ সহযোগীসকলৰ পৰাও সাক্ষ্য গ্ৰহণ কৰিছে ।

এগৰাকী মহিলা মল্লযুঁজাৰুক সাংসদৰ চৰকাৰী বাসভৱনলৈও লৈ যোৱা হৈছিল য’ত ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ কৰা হৈছিল । ইফালে ১৫ জুনৰ ভিতৰত অভিযোগনামা দাখিল নকৰিলে মল্লযুঁজাৰুসকলে পুনৰ প্ৰতিবাদৰো হুংকাৰ দিছিল ।

উল্লেখযোগ্য যে, ৬ জুলাইত অনুষ্ঠিত হ’ব ভাৰতীয় মল্লযুঁজাৰু সন্থাৰ নিৰ্বাচন। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই নিৰ্বাচনত কেৱল ব্ৰীজ ভূষণ সিঙেই নহয়, তেওঁৰ পৰিয়ালৰ কোনো সদস্যই প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰিব । এই নিৰ্বাচনত ব্ৰীজ ভূষণৰ কোনো সহযোগীয়েও প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰিব।

অনুৰাগ ঠাকুৰৰ সৈতে হোৱা আলোচনাৰ সময়ত মল্লযুঁজাৰুসকলৰ অন্যতম দাবী আছিল ভাৰতীয় মল্লযুঁজাৰু সন্থাৰ নিৰ্বাচন আৰু এই নিৰ্বাচনত ব্ৰীজ ভূষণ সিং আৰু তেওঁৰ পৰিয়ালৰ সদস্যক প্ৰতিদ্বন্দিতাৰ পৰা বিৰত ৰখা।

লগতে পঢ়ক : Junmoni Rabha Death Case : জোনমণি ৰাভাৰ কাণ্ডৰ তদন্ত কৰিব CBI ৰ দলেhttps://mynewsne.com/cbi-to-probe-assam-female-cops-mysterious-death/