Local, Vocal, Global

বঙাইগাঁৱৰ ৰাখালডুবিত জব্দ ১৫.৩০ গ্রাম ড্ৰাগছ

নিউজ ডেস্ক, ১৫ জুন : চলিত হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে ড্ৰাগছৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনে প্ৰত্যেক দিনাই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা নিষিদ্ধ কৰা ড্ৰাগছ উদ্ধাৰ কৰা বাতৰিয়ে স্থান লাভ কৰে।

বুধবাৰে বঙাইগাঁৱৰ ৰাখালডুবিত আৰক্ষীয়ে ড্রাগছবিৰোধী অভিযান চলাই আৰু দুটা ড্ৰাগছ সৰবৰাহকাৰী সহ কেইবা লক্ষাধিক টকাৰ ড্রাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

আৰক্ষীয়ে আটক কৰা ধৃত দুই সৰবৰাহকাৰীক মকছেদ আলী আৰু ৰবোৱাল হুছেইন বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখযোগ্য যে,আৰক্ষীৰ অভিযানত ধৃত সৰবৰাহকাৰী দুটাৰ পৰা জব্দ কৰা ড্রাগছখিনিৰ পৰিমাণ ১৫.৩০ গ্রাম ।