Local, Vocal, Global

ছিপাঝাৰ নাৰিকলিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা : কথমপি প্ৰাণ ৰক্ষা

ছিপাঝাৰ নাৰিকলিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা : কথমপি প্ৰাণ ৰক্ষা চুইফট আৰোহীৰ

দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাৰিকলিৰ কৰেইগুড়ি দলঙৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় । ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত দেওবাৰে পুৱতি নিশা গুৱাহাটীৰ পৰা মঙলদৈ অভিমুখে আহি থকা WB-73 F 9501 নম্বৰৰ খাদ্য সামগ্ৰী কঢ়িওৱা মালবাহী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথত ৰৈ থকা As- 12AA 6550 নম্বৰৰ চুইফট বাহন খনক প্ৰচণ্ড জোৰে খুন্দিয়ায় । ফলত দুয়োখন বাহন পথত দাঁতিৰ দ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যদিও কথমপিহে প্ৰাণ ৰক্ষা পৰে ট্ৰাক আৰু চুইফটৰ চালক দুগৰাকী । উল্ল্যখ্য যে , দুৰ্ঘটনাস্থলীত ট্ৰাকৰ তলত সোমাই থকা চুৰ্ণ-বিচুৰ্ণ চুইফট খনৰ চালক গৰাকী স্থানীয় ৰাইজে নিহত হোৱা বুলি ভাবিছিল যদিও সৌভাগ্য বশত: একো হানি বিঘিনি নোহোৱাকৈ ৰক্ষা পৰে ।