Local, Vocal, Global

AASU protest against English medium : সমগ্ৰ অসমতে মাহজোৰা আন্দোলনৰ ঘোষণা আছুৰ

নিউজ ডেস্ক, ৩১ মে’ : মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি অৰ্থাৎ বুধবাৰে শিক্ষা বিভাগৰ মাধ্যম বিতৰ্ক সন্দৰ্ভত মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত গুৱাহাটী মহানগৰীত আন্দোলন কৰিবলৈ ওলাই আহিল আছু কৰ্মী সকল (AASU protest in Guwahati)। পুৱাৰে পৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আৰু চৰকাৰৰ এনে আকোৰগোঁজ স্থিতিৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰে ৰাজ্যজুৰি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে । পূৰ্ব ঘোষিত কাৰ্যসূচী অনুযায়ী আছুৰ নেতৃত্বত আজি প্ৰতিখন আঞ্চলিকত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

গুৱাহাটীৰ দীঘলীপুখুৰীপাৰতো এই অনশন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । লগতে পাংগেৰীৰ বন বিভাগৰ কাৰ্যালয়ৰ গেটতো আয়োজন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

সংগঠনটোৱে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰি শীঘ্ৰে ৰোলবেক কৰি ইংৰাজীৰ পৰিৱৰ্তে অসমীয়াত পাঠ্যপুথি যোগান ধৰাৰ দাবী জনাইছে । লগতে দাবী পূৰণ নকৰিলে আগন্তুক দিনত প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্যৰ ৯টা শিক্ষক সংগঠনে ৰাজ্য চৰকাৰক ষষ্ঠ শ্ৰেণীৰ পৰা স্থানীয়ভাষাৰ বিদ্যালয়ত ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি প্ৰৱৰ্তনৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছিল। ৰাজ্য চৰকাৰে নিৰ্দেশনাৰ মাধ্যমত হস্তক্ষেপ কৰিব নালাগে বুলি বৈঠকত কোনো অনিশ্চয়তাৰে কয় । গুৱাহাটীত ছাত্ৰ সংগঠন আৰু শিক্ষক সংগঠনে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

উল্লেখ্য় যে প্রতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ ১০ ঘণ্টীয়া অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । যোৱা ২৮ মে’ৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমত এমাহজোৰা আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব (AASU 10-Hour Start Month-Long Protest) । এই কাৰ্যসূচীৰ অংশ হিচাপে আছুই আজি ৰাজ্যজুৰি অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে ।

ছাত্ৰ সন্থাই এই বিষয়টোত অসম চৰকাৰক দীর্ঘদিন ধৰি আহ্বান জনাই আহিছে । কিন্তু চৰকাৰে আকোঁৰগোজ মনোভাৱেৰে অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি আছুৰ নেতৃত্বই অভিযোগ উত্থাপন কৰিছে ।

জানিব পৰা মতে অহা ৬ জুনত গুৱাহাটীত গণ সত্যাগ্রহ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব । তাৰোপৰি অহা ২৪ জুনত চাইকেল শোভাযাত্রা আৰু ২৭ জুনত গুৱাহাটীত শৈক্ষিক সভা অনুষ্ঠিত হ’ব বুলি আছুৰ নেতৃত্বই সদৰী কৰিছে ।

মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ অসম চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী । ইপিনে, আছুৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত সমগ্ৰ বিষয়টো চৰকাৰ তথা শিক্ষা বিভাগে কেনেদৰে গুৰুত্ব প্ৰদান কৰে সেয়াহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : Nepal PM Visit in India : চাৰিদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত নেপালৰ প্ৰধানমন্ত্ৰী