Local, Vocal, Global

Nepal PM Visit in India : চাৰিদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত নেপালৰ প্ৰধানমন্ত্ৰী

নেশ্যনেল ডেস্ক, ৩১ মে’: আজি ভাৰতত উপস্থিত হ’ল নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি ভাৰতত উপস্থিত হয় নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী । প্ৰধানমন্ত্ৰী দাহালে চাৰিদিনীয়া ভ্ৰমণসূচীৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখাড়ক সাক্ষাৎ কৰিব (Nepal PM Prachanda) ।

নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে বুধবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয় (Nepal PM Pushpa Kamal Dahal) ৷ আজি অর্থাৎ বুধবাৰে দুপৰীয়া ২:৫০ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে প্ৰতিৱেশী ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

বৃহস্পতিবাৰে পুৱা ১০.৩০ বজাত নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাত্মা গান্ধীৰ সমাধিত পুষ্পস্তৱক অৰ্পণ কৰি তেওঁৰ কাৰ্যসূচী আৰম্ভ কৰিব । ইয়াৰ পিছতে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে নতুন দিল্লীৰ হায়দৰাবাদ হাউচত বৈঠকত মিলিত হ’ব । ইয়াৰ পাছত তেওঁ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক চুক্তি বিনিময়ৰ পৌৰোহিত্য কৰিব আৰু একেস্থানৰ পৰা এখন প্ৰেছ বিবৃতি জাৰি কৰিব । নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উপ ৰাষ্ট্ৰপতি জগদীপ ধানখাড়ক মৌলানা আজাদ ৰোডত থকা তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰিব ।

পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী দাহালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰিব । ভ্ৰমণৰ দ্বিতীয় দিনা তেওঁৰ আনুষ্ঠানিক ব্যস্ততাৰ উপৰিও, এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইন্দোৰলৈ ৰাওনা হ’ব ।

ইয়াৰ পাছতে শনিবাৰে তেওঁ কাঠমাণ্ডুলৈ ৰাওনা হ’ব । প্ৰধানমন্ত্ৰী দাহালৰ সৈতে তেওঁৰ ভ্ৰমণকালত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকিব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক চৰকাৰী বিবৃতিত কয় যে, “প্ৰধানমন্ত্ৰী দাহালে ভাৰত আৰু নেপালৰ মাজত দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনা কৰিব । তেওঁ আন কেইবাজনো গণ্যমান্য ব্যক্তিকো সাক্ষাৎ কৰিব ।

ইতিমধ্যে নেপাল আৰু ভাৰতৰ মাজৰ সম্পৰ্ক পূৰ্বতকেও ভাল হৈছে । এই সম্পৰ্ক অধিক সুদৃঢ় কৰি তোলাৰ বাবে দুয়োখন দেশে প্ৰচেষ্টা হাতত লৈছে । ভাৰতে সদায় ইয়াৰ চুবুৰীয়া দেশ নেপালৰ প্ৰতি উদাৰতা মনোভাৱ পোষণ কৰি আহিছে ।

লগতে পঢ়ক : Manipur Sportspersons to Return Medals : মণিপুৰৰ এঘাৰগৰাকী ক্ৰীড়াবিদে ঘূৰাই দিব ৰাষ্ট্ৰীয় বঁটা