Local, Vocal, Global

Arvind Kejriwal : কোনো পৰিস্থিতিতে I.N.D.I.A. মিত্ৰজোঁটৰ লগত ফাঁট মেলাৰ সম্ভাৱনা নাই- কেজৰিৱাল

নেশ্যনেল ডেস্ক, ২৯ ছেপ্টেম্বৰ : চৰ্চাত I.N.D.I.A. মিত্ৰজোঁটৰ মাজৰ সম্পৰ্কত মেলিছে ফাঁট(Arvind Kejriwa)। আপ শাসিত ৰাজ্য পাঞ্জাৱত কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছিল চৰ্চা । শুকুৰবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে(AAP committed to INDIA alliance will not break away from it) ।

শুকুৰবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদ মাধ্যমৰ আগত কয়, I.N.D.I.A. ব্লক মিত্ৰজোঁটৰ প্ৰতি সমৰ্পিত । কোনো পৰিস্থিতিতে I.N.D.I.A. মিত্ৰজোঁটৰ লগত ফাঁট মেলাৰ সম্ভাৱনা নাই ৷

তেওঁ কয় যে, আমাৰ উদ্দেশ্যে হৈছে এনে পৰিৱেশৰ সৃষ্টি কৰা য’ত দেশৰ প্ৰতিগৰাকী লোকে নিজকে প্ৰধানমন্ত্ৰী বুলি ভাবিব পাৰে ৷ আম আদমী পাৰ্টী I.N.D.I.A. মিত্ৰজোঁটৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ৷

বিৰোধী মিত্ৰজোঁটত আসন ভাগ-বতৰা এতিয়ালৈকে চূড়ান্ত কৰা হোৱা নাই নেকি বুলি প্ৰশ্ন কৰাৰ তেওঁ কয় য়ে, ‘‘ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হ’ব(Kejriwal Says AAP Wont Break Out Of INDI Alliance After Congress Bails On Him In Punjab) ৷’’

পাঞ্জাৱত সৃষ্টি হোৱা সংঘাত সন্দৰ্ভত কেজৰিৱালে কয়, ‘‘ বৃহস্পতিবাৰে পাঞ্জাৱ আৰক্ষীয়ে এজন কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰিছিল ।কিন্তু তাৰ বিষয়ে আমাৰ ওচৰত কোনো বিতং তথ্য নাই ৷ ইয়াৰ উত্তৰ পাঞ্জাৱ আৰক্ষীয়ে দিব, আমি ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছোঁ । ব্যক্তিগত ঘটনা বা ব্যক্তিৰ ওপৰত আমি কোনো ধৰণৰ মন্তব্য দিব নালাগে, কিন্তু আমি ড্ৰাগছ বিৰুদ্ধে যুদ্ধ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । ইয়াৰ বিৰুদ্ধে চলা যুঁজত কাকো এৰি দিয়া নহ’ব ৷ সি যিয়ে নহও ৷’’

লগতে পঢ়ক :Bomb Explodes Near A Mosque In Pakistan : মছজিদৰ সমীপত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা