Local, Vocal, Global

AAP calls to ‘gherao’ PM Modi’s residence against Kejriwal’s arrest : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহ ঘেৰাও আহ্বান আপৰ

নিউজ ডেস্ক,২৬মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদৰ অংশ হিচাপে আজি অৰ্থাত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহ ঘেৰাও আহ্বান আপৰ । দিল্লীৰ মন্ত্ৰী তথা আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে দলৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে(Delhi Police beefs up security amid AAP call to ‘gherao’ PM residence against Kejriwal’s arrest) ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহ ঘেৰাও আহ্বানৰ পিছতে দিল্লী আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে ।

দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে আন এক কাৰ্যসূচীৰ কথা উল্লেখ কৰি কয় যে অহা শনিবাৰে পুৱা ১০ বজাত আপৰ সকলো বিধায়ক, কাউঞ্চিলাৰ, কাৰ্যালয়ৰ বিষয়া, ইণ্ডিয়া ব্লকৰ প্ৰতিনিধিসকলে নেতাসকলে শ্বহীদী উদ্যানত একত্ৰিত হ’ব আৰু গণতন্ত্ৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি ল’ব ।

ইফালে এগৰাকী আৰক্ষী বিষয়াৰ মতে, আপৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীৰ আন কেইবাটাও স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে(AAP calls to ‘gherao’ PM Modi’s residence against Kejriwal’s arrest) ।

দিল্লী যান-বাহন আৰক্ষীৰ এজন বিষয়াই কয় যে প্ৰতিবাদৰ ফলত নতুন দিল্লী আৰু কেন্দ্ৰীয় দিল্লীৰ কিছু অংশ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে । দিল্লী যান-বাহন আৰক্ষীয়ে প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বাহনসমূহৰ মসৃণ চলাচলৰ বাবে ৭ টা ডাইভাৰ্চন পইণ্টৰ ব্যৱস্থা কৰিছে । প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলে মঙলবাৰে কেমাল আতাতুৰ্ক মাৰ্গ, চফদৰজং ৰোড, আকবৰ ৰোড আৰু ত্ৰিমূৰ্তি মাৰ্গ পৰিহাৰ কৰিব লাগিব ।

আৰক্ষীৰ মতে দিল্লীত আইন-শৃংখলা বজাই ৰখাৰ বাবে নিৰাপত্তাৰ স্তৰ কঠোৰ কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ চাৰিওফালে ইতিমধ্যে ১৪৪ ধাৰা (চিআৰপিচিৰ) জাৰি কৰা হৈছে আৰু কোনো লোককে প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়া নহ’ব ।

লগতে পঢ়ক : Tragic Road Accident in Tinsukia : ৰৈ থকা টেক্টৰত খুন্দা বাইকৰ;নিহত এজন, আহত এজন