Local, Vocal, Global

১২ বছৰ ধৰি জনতা ভৱনত পৰি ৰৈছে পদোন্নতিৰ ফাইল

ৰাজ্য চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবেই জনসাধাৰণ প্রয়োজনীয় দন্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ লগতে দন্ত চিকিৎসকসকলো প্রাপ্যৰ পৰা বঞ্চিত হৈছে ৷ একাংশ বিষয়া–কর্মচাৰীৰ চূড়ান্ত গাফিলতিৰ বাবেই ন্যায়ালয়ৰ ৰায়ৰ পাছতো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত দীর্ঘদিন ধৰি কর্মৰত দন্ত চিকিৎসকসকলে পদোন্নতি লাভ কৰা নাই৷ এই অভিযোগ অসম দন্ত চিকিৎসা সেৱা সন্থাৰ ৷

বুধবাৰে পাণবজাৰস্থিত ‘আমছা’ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি সন্থাৰ বিষয়ববীয়াসকলে এই কথা সদৰী কৰি চৰকাৰে দন্ত চিকিৎসকসকলক ন্যায্য প্রাপ্যৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ কৰে৷ সন্থাৰ সভাপতি তথা জ্যেষ্ঠ দন্ত চিকিৎসক ডাঃ দিলীপ কুমাৰ শইকীয়াই কয় যে অসমৰ দন্ত চিকিৎসকৰ পদটো একমাত্র প্রথম শ্রেণীৰ ৰাজপত্রিত বিষয়াৰ পদ, যাৰ কোনো পদোন্নতি নাই ৷ দন্ত চিকিৎসক হিচাপে চাকৰিত যোগদান কৰি পদোন্নতি নোহোৱাকৈ অৱসৰ গ্রহণ কৰিব লাগে৷ বঞ্চিত চিকিৎসকসকলে ২০০৭ চনত পদোন্নতিৰ বিষয়টো লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে বিষয়টো সন্দর্ভত এলানি শুনানি গ্রহণ কৰি ২০১০ চনত চিকিৎসকসকলৰ সপক্ষে ৰায়দান কৰে৷ ন্যায়ালয়ৰ ৰায়ৰ পাছত চৰকাৰে চিকিৎসকসকলৰ পদোন্নতিৰ বাবে ব্যৱস্থা গ্রহণ কৰিছিল যদিও বিগত ১২ বছৰ ধৰি জনতা ভৱনতে ফাইল পৰি আছে ৷

বঞ্চিত চিকিৎসকসকলে বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো আমোলা–বিষয়াসকলে কিহৰ স্বার্থত ফাইল ৰখাই থৈছে সেয়া এক সাঁথৰ৷