Local, Vocal, Global

বাঙালী সংগঠনৰ নেতৃবৃন্দলৈ জাননী জাৰি

বৰাকৰ দুই বাঙালী সংগঠনে অসমীয়া ভাষাক কৰা অপমান সন্দর্ভত মহানগৰীৰ তিনিখন আৰক্ষী থানাত ৰুজু কৰা হৈছে তিনিটাকৈ গোচৰ ৷ গোচৰ ৰুজু কৰাৰ সমান্তৰালভাৱে ইতিমধ্যে সংগঠন দুটাৰ নেতৃবৃন্দলৈ আৰক্ষীয়ে জাননী জাৰি কৰিছে ৷ জানিব পৰা মতে, সমগ্র ৰাজ্যকে জোকাৰি যোৱা তথা অসমীয়াৰ স্বাভিমানত আঘাত হনা এই কার্য সন্দর্ভত গীতানগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ১৫৩ এ আৰু ৫০৫ (২) আৰু পি ডি পি পি আইনৰ ৩(১) ধাৰাৰ অধীনত ৰুজু কৰা হৈছে ৪৩২/২০২১ নম্বৰৰ গোচৰ৷ সেইদৰে অনুৰূপ ধাৰাৰ অধীনত হাতীগাঁও আৰক্ষী থানাত ৯০৪/২০২১ আৰু দিছপুৰ আৰক্ষী থানাত ৩৮২৩/২০২১ নম্বৰৰ গোচৰ দুটা ৰুজু কৰা হৈছে৷

দিছপুৰ আৰু হাতীগাঁও আৰক্ষী থানাই ৰুজু কৰা গোচৰ দুটাৰ বিপৰীতে বৰাক ডেম’ক্রেটিক য়ুথ ফ্রণ্টৰ মুখ্য উপদেষ্টা প্রদীপ দত্তৰয় আৰু উপদেষ্টা হৃষীকেশ দে’লৈ জাৰি কৰা হৈছে জাননী৷ গীতানগৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰটো সন্দর্ভত বৰাক ডেম’ক্রেটিক য়ুথ ফ্রণ্টৰ মুখ্য আহ্বায়ক কল্পৰনাভ গুপ্তা আৰু সদৌ বাঙালী ছাত্র যুৱ সন্থাৰ সভাপতি ৰাজু দেৱলৈ জাননী জাৰি কৰা হৈছে৷ ইফালে এই ঘটনা সম্পর্কত কালি শিলচৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা সদৌ বাঙালী ছাত্র যুৱ সন্থাৰ সভাপতি ৰাজু দেৱ আৰু বিষয়ববীয়া সমৰ দাসক আজি আদালতে জামিনত মুকলি কৰি দিয়ে৷ উল্লেখ্য যে উক্ত বাঙালী সংগঠন দুটাৰ একাংশ সদস্যই যোৱা দেওবাৰে শিলচৰ ৰে’ল ষ্টেচনত এখন চৰকাৰী হর্ডিঙত থকা অসমীয়া আখৰত ক’লা ৰং সানি দিছিল৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র ৰাজ্যতে তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছতো উগ্র বাঙালী জাতীয়তাবাদী একাংশই অনুৰূপ কার্য সংঘটিত কৰিছিল শিলচৰ আই এছ বি টিতো ৷