Local, Vocal, Global

হিজাপ পিন্ধা যুৱতী এদিন দেশৰ প্ৰধানমন্ত্ৰী হ’ব

নিউজ ডেস্ক: উচ্চতম ন্যায়ালয়ে কৰ্ণাটক চৰকাৰৰ হিজাব নিষিদ্ধকৰণৰ সিদ্ধান্তৰ গোচৰ বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ পাছতে আজি এই বিষয়ত মন্তব্য প্ৰদান কৰিছে কট্টৰ মুছলমান নেতা আছাদুদ্দিন ৱেছিয়ে৷ উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ মতভেদৰ পাছত হিজাব নিষিদ্ধকৰণক লৈ সিদ্ধান্তলৈ নহাৰ সময়তে আছাদুদ্দিন ৱেছিয়ে কয় যে মুছলমানসকলে মহিলাসকলক হিজাব পিন্ধিবলৈ বাধ্য নকৰে। মূৰটো হিজাবেৰে ঢাকি ৰখাৰ অৰ্থ মগজুক দমন কৰা নহয়। দেশৰ প্ৰগতিত মুছলমান যুৱতীৰ অৱদান কম নহয় বুলি কয়৷ ৱেছিয়ে কয় যে এদিন প্ৰধানমন্ত্ৰীৰ আসনত এগৰাকী হিজাব পৰিহিত মহিলাক তেওঁ চাব বিচাৰে।