Local, Vocal, Global

বিটিআৰত অশান্তি পৰিবেশ সৃষ্টি নকৰিবলৈ পৃথ্বিৰাজ নাৰায়ণ মেছক সকীয়নি

মুছলপুৰঃ নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেচন নামৰ তথাকথিত বেচৰকাৰী সংস্থা এটাৰ মুৰব্বী বুলি নিজকে জাহিৰ কৰা বিতৰ্কিত জনজাতীয় নেতা পৃথ্বিৰাজ নাৰায়ণ মেছৰ এটা প্ৰৰোচনামূলক বক্তব্য সামাজিক মাধ্যম যোগে প্ৰচাৰ হোৱাত জাঙুৰ খাই উঠিছে অবড়ো সুৰক্ষা সমিতি৷ পৃথ্বিৰাজে এইবাৰ মন্তব্য কৰিছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত জনজাতীয় মানুহ বেল্টৰ ভিতৰত ভাৰতীয়া হৈ থাকিব লাগিব আৰু ট্ৰাইবেলৰ গোলামি কৰিব লাগিব বুলি কৈছিল। আজি মুছলপুৰত সংবাদমেল পাতি অবড়ো সুৰক্ষা সমিতিয়ে পৃথ্বিৰাজৰ বিৰুদ্ধে সৰৱ হয়৷ অবড়ো সুৰক্ষা সমিতিৰৰ সম্পাদক জোন দাসে কয় যে প্ৰতিজন ভাৰতীয় নাগৰিকৰ সকলো ঠাইতে মূৰ তুলি থিয় হৈ থকাৰ অধিকাৰ আছে আৰু থাকিব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইনখন কি লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এই অঞ্চলত প্ৰয়োগ কৰা হৈছিল আৰু এই অঞ্চলত এই আইনখনৰ বৈধতা কিমান সেই সম্পৰ্কে ভালকৈ অধ্যয়ন কৰক আৰু তাৰ পাছত মন্তব্য কৰক। এই আইনখনত কোনো ধৰ্ম বা বৰ্ণ বা গোষ্ঠীৰ কথা কোৱা হোৱা নাই। আইন খনৰ দফা ১৬০ উপ দফা (২) অনুসৰি আৰ্থিক আৰু শিক্ষাৰ ফালত পিছ পৰা খিলঞ্জীয়া লোকে বসবাস কৰা এটা অঞ্চলত ৰাজ্য চৰকাৰে ৰাজপত্ৰ জাননীৰ জৰিয়তে এই আইন খন প্ৰণয়ন কৰিব পাৰে বুলি স্পষ্টকৈ উল্লেখ আছে। আনকি ট্ৰাইবেল শব্দটোও মূল আইনখনত উল্লেখ নাই। কেৱল মাত্ৰ বিধিতহে ট্ৰাইবেল শব্দটো উল্লেখ আছে। লগতে সেই অঞ্চলত বসবাস কৰা লোকৰ জীৱনধাৰণৰ মানদণ্ড উন্নত হ’লে ইয়াক চৰকাৰে উঠাইও দিব পাৰে। গতিকে মূল আইনখন চৰকাৰে সংশোধন কৰা দেখুৱাই ইয়াক অপপ্ৰয়োগ কৰি  ইয়াৰ সুবিধা লবলৈ কাকো দিয়া নহ’ব। সুৰক্ষা সমিতিয়ে কয় যে কিছুমান বিতৰ্কিত মন্তব্যৰ কাৰণে বহুতে জেললৈও যাব লগা হৈছে। কিন্তু দুৰ্ভাগ্যৰ কথা পৃথ্বিৰাজ নাৰায়ণ মেছৰ দৰে ব্যক্তি এজনে ইমান ডাঙৰ বিতৰ্কিত মন্তব্য কৰাৰ পাছত বিটিআৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে যদিও চৰকাৰে অদ্যপি কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। গতিকে অসম চৰকাৰে আইনী ব্যৱস্থাৰে পৃথ্বিৰাজ নাৰায়ণ মেছক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলিও সংবাদমেলত সজোৰে দাবী উত্থাপন কৰাৰ লগতে ভৱিষ্যতে এনে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰে অবড়ো সৰক্ষা সমিতিৰ সম্পাদক জোন দাসে৷