Local, Vocal, Global

হাতী মানুহৰ সংঘাটত প্ৰাণ গ’ল এগৰাকী মহিলাৰ

নিউজ ডেস্ক, ৮ আগষ্ট : ৰাজ্যত পুনৰ সংঘটিত হৈছে হাতী মানুহৰ সংঘাট। দেওবাৰে নিশা অসমৰ তামুলপুৰ জিলাৰ শান্তিপুৰত এগৰাকী মহিলাক হাতীয়ে গছকি হত্যা কৰিছিল।

মৃত মহিলাগৰাকীক অলকা বিশ্বাস (৪২) বুলি চিনাক্ত কৰা হৈছে।

যোৱা নিশা খাদ্যৰ সন্ধানত শান্তিপুৰৰ অংগৰকাটা (Angarkata) গাঁৱত হাতীৰ এটা জাক প্ৰৱেশ কৰিছিল। গাওঁবাসীৰ ওপৰত সন্ত্ৰাস সৃষ্টি কৰি, হাতীবোৰে খেতিপথাৰত প্ৰৱেশ কৰিছিল আৰু কৃষিজাত সামগ্ৰীৰ এক বৃহৎ ক্ষতি সাধন কৰিছিল।

পৰৱৰ্তী সময়ত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।