Local, Vocal, Global

অসম বিজেপিৰ সহ-আহ্বায়ক ৰিতু বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম মহিলা কংগ্ৰেছৰ

নিউজ ডেস্ক, ৮ আগষ্ট : অসম প্ৰদেশ মহিলা কংগ্ৰেছে দেওবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাক ( Priyanka Gandhi Vadra) বদনাম কৰাৰ বাবে অসম বিজেপিৰ সহ-আহ্বায়ক ৰিতু বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

মহিলা কংগ্ৰেছে দাখিল কৰা এজাহাৰ অনুসৰি, ৫ আগষ্টত প্ৰিয়ংকা গান্ধীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, খাদ্যশস্যৰ ওপৰত অবৈধভাৱে GST আৰোপ কৰা, নিবনুৱাৰ নিযুক্তি নোহোৱাৰ বিৰুদ্ধে অখিল ভাৰতীয় কংগ্ৰেছ সমিতিয়ে (AICC) আয়োজিত এক প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল।

অসম বিজেপিৰ সহ-আহ্বায়ক ৰিতু বৰাই প্ৰতিবাদত কংগ্ৰেছ নেতাগৰাকীৰ কণ্ঠস্বৰক এজন ট্ৰেন্সজেণ্ডাৰলৈ (transgender) ৰূপান্তৰিত কৰে, যাৰ ফলত এগৰাকী নেতা হিচাপে তেওঁৰ ভাবমূৰ্তি যথেষ্ট ক্ষতিগ্ৰস্ত হয়।

অসম মহিলা কংগ্ৰেছে মহানগৰীৰ দিছপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰখনত কৈছিল যে অভিযুক্তজনে এই কাৰ্য্য কৰি এক গুৰুতৰ অপৰাধ সংঘটিত কৰিছে আৰু সেয়েহে তেওঁলোকে গোচৰটোৰ তদন্ত আৰু অপৰাধীক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।