Local, Vocal, Global

কমনৱেলথ গেমছ ২০২২ ত থমকি ৰ’ল হিমা

নিউজ ডেস্ক, ৮ আগষ্ট : কমনৱেলথ গেমছ ২০২২ ত ভাৰতে ৫ম স্থানত থকাৰ লগে লগে ৪x১০০ মিটাৰ ৰিলেত শেষ পদকৰ আশা নষ্ট হ’ল।

নাইজেৰিয়াই স্বৰ্ণ, ইংলেণ্ড (ৰূপ), জামাইকা (ব্ৰঞ্জ) আৰু অষ্ট্ৰেলিয়াই চতুৰ্থ স্থান দখল কৰে। ভাৰতে শীৰ্ষ তিনিটা স্থানৰ বাবে কোনো শক্তিশালী প্ৰত্যাহ্বান উত্থাপন কৰিব নোৱাৰিলে কিয়নো দুতি চান্দ (Dutee Chand), হিমা দাস (Hima Das), সৰ্বনী নন্দা (Sarbani Nanda) আৰু জ্যোতি য়াৰাজী (Jyothi Yarraji) প্ৰতিযোগিতাত বহু পিছ পৰি আছিল।

ইয়াৰ পূৰ্বে, ভাৰতৰ পদকৰ দাবীদাৰ হিমা দাসে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰাৰ বাবে ২০০ মিটাৰ মহিলা প্ৰতিযোগিতাৰ পৰা প্ৰত্যাহাৰ কৰিছিল।

ইয়াৰ লগে লগে শিৱ থাপা, লভলিনা বৰগোহাঁই আৰু এতিয়া হিমা দাসে নিজ নিজ শ্ৰেণীত দুৰ্বল প্ৰদৰ্শন কৰাৰ ফলত অসম খেলুৱৈসকলে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সকলো আশা নাইকীয়া হৈ গৈছিল।

কেৱল নয়নমনী ডেকাই মহিলাৰ লন বল ইভেণ্টৰ সোণৰ পদক জয় কৰিছিল ।