Local, Vocal, Global

বন্যহস্তীৰ গোচকত প্ৰাণ গ’ল কলিয়াবৰ এজন লোকৰ

নিউজ ডেস্ক ৩০ এপ্ৰিল:-কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত ১২ নম্বৰ লাইনত হাতীৰ আক্ৰমণত নিহত হয় এজন লোক ।

নিহত লোকজনৰ নাম গেনুচা ,অঞ্চলটোৰ এটা অংগনৱাড়ী কেন্দ্ৰত শুই থকা অৱস্থাতে হাতীয়ে আক্ৰমণ কৰে গেনুচাক।

ৰাতিপুৱা লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰাই অঞ্চলটোৰ অ’ত-ত’ত বাস কৰিছিল গেনুচা । লোকজনৰ প্ৰকৃত ঠিকনা গম নাপায় স্থানীয় ৰাইজে।