Local, Vocal, Global

পুনৰ সাংবাদিকৰ ওপৰত মৰেল পুলিচে কৰিলে প্ৰহাৰ

নিউজ ডেস্ক, ৩০ এপ্ৰিল:- ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা। এইবাৰ নগাওঁ জিলাৰ ধিঙত সংঘটিত হৈছে সাংবাদিক ওপৰত মৰেল পুলিচৰ দাদাগিৰি ।

জানিব পৰা মতে, এটা কুখ্যাত চোৰক ৰাইজে মাৰপিট কৰি থকাৰ ভিডিঅ’ সংগ্ৰহ কৰি থকা বাবে ৰাজ্যৰ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক ৰচিদুল ইছলামক আক্ৰমণ কৰে ।

ৰাইজে মাৰপিট কৰা ভিডিঅ’ সংগ্ৰহ কৰাৰ বাবেই ৰচিদুলক উদণ্ডলোক কেইজনে মাৰপিট কৰি হাতৰ পৰা মোবাইল কাঢ়ি লয় আৰু সংগৃহীত ভিডিঅ’ ডিলিট কৰি দিয়ে।

বাতৰি সংগ্ৰহ কৰা সাংবাদিকক এইদৰে মাৰপিট কৰি সংগৃহীত ভিডিঅ’ ডিলিট কৰা উদণ্ড লোককেইজনৰ বিৰুদ্ধে সাংবাদিকগৰাকীয়ে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

সাংবাদিক ৰচিদুলক মাৰপিট কৰা উদণ্ড লোক কেইজন ক্ৰমে এমৰান হুছেইন, হাবিজুৰ ফৰাজী, অনুকুল ,হাবিজুৰ ইছলাম।

এনেদৰে বাৰ বাৰ সাংবাদিককৰ ওপৰত চলা এই আক্ৰমণে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভক অপমান কৰি থকাৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব।