Local, Vocal, Global

জামুগুৰিহাটৰ এগৰাকী ব্যক্তিয়ে সংৰক্ষণ কৰি ৰাখিছে শতাধিক মাখিয়তি গছ…

ডিজিটেল ডেস্ক:- বছৰটোৰ ৩৬৫দিনৰ ভিতৰত ৩৬৪ দিনেই অনাদিত হৈ থকা এজোপা গছ।কিন্তু ৰঙালী বিহুৰ গৰু বিহুৰ দিনা গ্ৰাম্যাঞ্চলত অতিকৈ প্ৰয়োজন হয় এই গছজোপাৰ ডালপাত। এই গছজোপা হ’ল মাখিয়তি গছ।গৰুবিহুৰ দিনা নোঁৱাই ধূৱাই ঘাঁহ খাবলৈ এৰি দিয়া গোধন সমূহ যেতিয়া সন্ধিয়াৰ পৰত ঘৰলৈ ঘুৰি আহে তেতিয়াই এই মাখিয়তি গছৰ পাতৰে গো ধন সমূহক গৰাকীয়ে ‘মাখিয়তি মাখিপাত মাখি মাৰো জাক জাক’ শীৰ্ষক গীতৰে কোবাই কোবাই ঘৰলৈ লৈ আহে।কিন্তু এই মাখিয়তি গছ আজিৰ নৱপ্ৰজন্মই চিনি নোপোৱাৰ উপক্ৰম হৈছে।গ্ৰাম্যাঞ্চল সমূহতো এতিয়া দূৰ্লভ হৈ পৰিছে গৰু বিহুৰ দিনা অতিকৈ প্ৰয়োজন হোৱা এই বিশেষ গছজোপা। এটা সময়ত গাঁওৰ বাৰীত অতিকৈ সূলভ এই গছজোপা এতিয়া গ্ৰাম্যাঞ্চলতো ক্ৰমান্বয়ে নাইকিয়া হোৱাৰ পথত গতি কৰিছে। নৱপ্ৰজন্মই পাহৰাৰ উপক্ৰম হলেও কিন্তু জামুগুৰিহাটৰ পাতলচুক গাঁওৰ এগৰাকী ব্যক্তিয়ে নিজৰ বাৰীৰ চৌহদত বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিছে এই মাখিয়তি গছ।গাঁওখনৰ বুলেন ভূঞা নামৰ ব্যক্তিজনে তেওঁৰ বাৰীত অতি যত্নৰে সংৰক্ষণ কৰি ৰাখিছে এশ জোপাৰো অধিক মাখিয়তি গছ।নৱপ্ৰজন্মক চিনাকী কৰাই দিয়াৰ উদ্দেশ্যেই সংৰক্ষণ কৰা এই মাখিয়তি গছৰ ডাল পাত নিবলৈ এতিয়া গৰু বিহুৰ দিনা জামুগুৰিহাটৰ পাতলৰচুক গাঁওৰ এই ব্যক্তিজনৰ ঘৰলৈ বহুলোকৰ সমাগম হয়।যান্ত্ৰিকতাৰ প্ৰভাৱেই হওঁক বা অন্য কাৰণতেই হওঁক আমাৰ গ্ৰাম্য সমাজৰ পৰা হেৰাই যোৱা তথা অচিনাকি হবলৈ ধৰা এই মাখিয়তি গছজোপা এই সংৰক্ষণ কৰি ৰখাতো ইতিবাচক হিচাপে বিবেচিত হৈছে।