Local, Vocal, Global

হাতীগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ !

ডিজিটেল ডেস্ক:-মহানগৰীৰ হাতীগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ। হাতীগাঁৱৰ লক্ষ্মীনগৰৰ নামঘৰ পথৰ হাউছ নং ৫৭ত নিশা ১ বজাত আৰক্ষীৰ অভিযান চলায়। অভিযানত হাতীগাওঁ আক্ষীয়ে ৮০০ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে।৬৯ টা বাকচত আছিল ড্ৰাগছখিনি।
লগতে জব্দ কৰে এখন বিলাসী বাহন, ড্ৰাগছভৰ্তি ৬৯টা বাকচ, ৭ লাখ ৫৬ হাজাৰ টকা। ড্ৰাগছখিনিৰ বজাৰমূল্য প্ৰায় ৮০ লাখ টকা। আৰক্ষী অহাৰ খবৰ পাই ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়ন।বিলাসী বাহন খনৰ পৰা পৰা ছাবি আৰু আধাৰ কাৰ্ড,পান কাৰ্ড উদ্ধাৰ কৰে আৰক্ষীয়ে ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।