সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ এক বৃহৎ অঘটন

নিউজ ডেস্ক, ৬ জুন : গেৰুকামুখৰ (Gerukamukh) সোৱণশিৰি (Subansiri) জলবিদ্যুৎ প্ৰকল্পত (hydroelectric plant) সংঘটিত হৈছে পুনৰ এক বৃহৎ অঘটন ৷
সোমবাৰে পুৱা প্ৰকল্পত নিয়োজিত একাংশ শ্ৰমিকে ইনটেক্ট টানেলৰ (Intake Tunnel) ভিতৰত নিৰ্মাণ কাৰ্য চলাই থকাৰ সময়ত প্ৰকল্পটোৰ ইনটেক্ট টানেলৰ ছাদ খহি পৰি এজন শ্ৰমিক ভগ্নস্তুপৰ ভিতৰত সোমাই পৰে ৷ ফলত শ্ৰমিকজনৰ মৃত্যু হয়। লগতে আন দুজন শ্ৰমিকো গুৰুতৰ ভাৱে আহত হয় ৷
জলবিদ্যুৎ প্ৰকল্পটোৰ দুই নম্বৰ ইনটেক্ট টানেলত সংঘটিত হৈছে এই ঘটনা ৷
মৃত শ্ৰমিকজনক গেৰুকামুখ পাৰ্বতীপুৰৰ জিতু হাতীবৰুৱা বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে আহত শ্ৰমিকসকলক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
উল্লেখযোগ্য যে অহা আগষ্ট মাহৰ পৰা সোৱণশিৰি প্ৰকল্পৰ পৰা প্ৰথম পৰ্যায়ত দুটা ইনটেক্ট টানেলৰ জৰিয়তে দুটা টাৰ্বাইন (turbine) চলাই দুই ইউনিট বিজুলী উৎপাদনৰ লক্ষ্য লৈছিল কেন্দ্ৰীয় চৰকাৰে আৰু সেই উদ্দেশ্যত প্ৰকল্পটোৰ শেষ পৰ্যায়ত নিৰ্মাণ কাৰ্য চলি আছিল ৷
এই ইনটেক্ট টানেলৰ যোগেদি প্ৰকল্পৰ ৰিজাৰ্ভৰ পানী পাৱাৰ হাউচলৈ লৈ যোৱাৰ বাবে নিৰ্মাণ কাৰ্য চলাই থকা হৈছিল ইনটেক্ট টানেলত ৷