তুৰ্কীত উজলিল অসম গৌৰৱ হিমা দাস

নিউজ ডেস্ক, ৬ জুন : তুৰস্কৰ এৰজুৰাম স্প্ৰিণ্ট আন্তঃৰাষ্ট্ৰীয় কাপত (Erzurum Sprint International Cup in Turkey) অসম গৌৰৱ হিমা দাসে দুটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
অসম গৌৰৱ হিমা দাসে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত দুটা পদক লাভ কৰিছে।
১১.৫৯ ছেকেণ্ড সময়ত ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি আৰু ২০০ মিটাৰত, হিমাই ২৩.৫১ সময়ত সম্পূৰ্ণ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
ভাৰতীয়সকল তুৰস্কৰ প্ৰশিক্ষণ-তথা-প্ৰতিযোগিতা ভ্ৰমণত আছে আৰু তেওঁলোকে ১০-১৪ জুনলৈ চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ স্বদেশলৈ উভতি আহিবলৈ সাজু হৈছে।
এৰজুৰামত (Erzurum) এই বছৰ ৭মবাৰৰ বাবে অনুষ্ঠিত হোৱা বলকান ফ্লেগ আৰু আন্তঃৰাষ্ট্ৰীয় স্প্ৰিণ্ট কাপ চেম্পিয়নশ্বিপ (The Balkan Flag and International Sprint Cup Championship) ৫ খন দেশৰ ৮০ জন খেলুৱৈৰ অংশগ্ৰহণেৰে আৰম্ভ হৈছিল।