Amit Shah on Manipur violence: ইম্ফল-ডিমাপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ উঠাই লবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান
নতুন দিল্লী , ৪ জুন: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে মণিপুৰৰ জনসাধাৰণক ইম্ফল-ডিমাপুৰ সংযোগী ২ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ জনাইছে আহ্বান (Home Minister Amit Shahappealed to people of Manipur) । যাতে মৌলিক খাদ্য সামগ্ৰীকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ সংঘৰ্ষপীড়িত ৰাজ্যখনৰ লোকসকলৰ মাজলৈ যাব পাৰে (Basic food items and other necessary items can reach Manipur) ।
নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বাহে লিখিছে, “মণিপুৰৰ জনসাধাৰণৰ প্ৰতি মোৰ আন্তৰিক আহ্বান, ইম্ফল-ডিমাপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ উঠাই লওক, যাতে খাদ্য, ঔষধ, পেট্ৰ’ল/ডিজেল আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ সৰবৰাহ কৰিব পৰা যায় । মই লগতে নাগৰিক সমাজৰ সংগঠনসমূহক অনুৰোধ জনাইছো যাতে ৰাজ্যখনত তেওলোকে সহমত অনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে (Official Twitter handle of Amit Shah) ।”
টুইটটোত তেওঁ লগতে লিখিছে, “একেলগ হৈহে আমি এই সুন্দৰ ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিব পাৰিম (Restore normalcy in Manipur) ।”
শেহতীয়াকৈ শ্বাহে মণিপুৰ ভ্ৰমণৰ চাৰিদিনীয়া ভ্ৰমণৰ সামৰণি মাৰি পৰিস্থিতিৰ বুজ লয় আৰু ৰাজ্যখনত শান্তিৰ ভাৱ ঘূৰাই অনাৰ উদ্দেশ্যে বিভিন্ন অংশীদাৰৰ সৈতে আলোচনাত মিলিত হয় (Amit Shah visit to Manipur) । শ্বাহে শেহতীয়াকৈ ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল’বৰ বাবে চাৰিদিনীয়া ভ্ৰমণসচীৰে মণিপুৰলৈ গৈছিল আৰু ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে বিভিন্ন সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল ।
এই ভ্ৰমণৰ অন্তিম দিনটোত অমিত শ্বাহে সমাজৰ সকলো সম্প্ৰদায় আৰু শ্ৰেণীক শান্তি বৰ্তাই ৰখাৰ লগতে আলোচনা আৰু সমন্বয়ৰ প্ৰসাৰৰ লগতে আৰক্ষীৰ ওচৰত তেওঁলোকৰ অস্ত্ৰ সমৰ্পণ কৰিবলৈ আহ্বান জনাইছিল (Amit Shah on Manipur violence) । শ্বাহে সতৰ্ক কৰি দিছিল যে আৰক্ষীৰ দ্বাৰা কোম্বিং অপাৰেচনৰ সময়ত অস্ত্ৰ-শস্ত্ৰ ৰখা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাগ্ৰহণ কৰা হ’ব । লগতে উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদি শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈও তেখেতে জনসাধাৰণক আহ্বান জনাইছিল ।
ইফালে, মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা (Security advisor to Manipur government) কুলদীপ সিঙে শনিবাৰে কয় যে ৰাজ্যখনত জাতিগত সংঘৰ্ষ আৰু হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰি স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ অহৰহ চেষ্টাৰ পিছত লাহে লাহে ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে ।
এই প্ৰসংগত সিঙে কয়, “মণিপুৰৰ নাগৰিক সমাজৰ লোকসকলৰ সহযোগত ঘনিষ্ঠ সমন্বয়ৰ বাবে শান্তি অনাৰ প্ৰচেষ্টা অব্যাহত আছে। ৰাজ্যখনলৈ শান্তি ঘূৰি অহাৰ সমান্তৰালকৈ স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰা হৈছে । যোৱা ২৪ ঘণ্টাত মণিপুৰত কোনো গুলীচালনা আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হোৱা নাই । ইয়াৰ উপৰিও, অসম ৰাইফলছকে ধৰি যুটীয়া নিৰাপত্তা বাহিনীয়ে যোৱা ২৪ ঘণ্টাত চলোৱা একাধিক অভিযানত ৩৫ টা অস্ত্ৰ আৰু ৮৮ টা বোমা জব্দ কৰিছে”।
লগতে পঢ়ক: Amit Shah to visit Assam : ২৭ জুনত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ