Local, Vocal, Global

অভিজাত্যৰ ফোঁপোলা স্বৰূপ। বনকৰা কিশোৰীক নির্যাতন তেল কোম্পানীৰ উচ্চ পদস্থ বিষয়া দম্পত্তি

নিউজ ডেস্ক, ৫ জুন : ৰাজ্যত পুনৰ বনকৰা কিশোৰীক নিৰ্যাতনৰ ভয়ংকৰ ঘটনা। তেল কোম্পানীৰ উচ্চ পদস্থ বিষয়াৰ ঘৰত বনকৰা কিশোৰীক নির্যাতন।

মাধুৰ্য মোহন বৰা আৰু ভাগ্যশ্ৰী নামৰ এহাল দম্পতিয়ে যোৰহাটৰ এল কে পথত ভাৰতীয়া হিচাপে বাস কৰি আহিছিল । প্ৰায় দুমাহ পূৰ্বে তেওঁলোকৰ ঘৰলৈ এগৰাকী বনকৰা কিশোৰী আনিছিল। সম্প্ৰতি দম্পত্তিৰ বিৰুদ্ধে বনকৰা কিশোৰীক অকথ্য নির্যাতন চলোৱাৰ অভিযোগ উঠিছে।

শনিবাৰে কিশোৰী গৰাকীয়ে দম্পত্তি হালৰ নিৰ্যাতন সহিব নোৱাৰি ঘৰৰ পৰা মনে মনে ওলাই আহে । ইয়াৰ পিছত স্থানীয় ৰাইজে কিশোৰী গৰাকীক কান্দি থকা অৱস্থা ত উদ্ধাৰ কৰে । আৰু যোৰহাটৰ লিচুৱাৰী আৰক্ষীক খবৰ দিয়ে । কিশোৰীগৰাকীৰ দেহৰ বিভিন্ন স্থানত আঘাতৰ চিন দেখি আৰক্ষীয়ে কিশোৰীগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়।

আৰক্ষীয়ে কিশোৰী গৰাকী মুখেৰে দম্পত্তি হালে কিশোৰী গৰাকীৰ ওপৰত চলোৱা নিৰ্যাতনৰ কথা জানিব পাৰে আৰু ইয়াৰ পাছতে আৰক্ষীয়ে Child line ক খবৰ দিয়ে আৰু Child line ৰ লোকে কিশোৰী গৰাকীক শিশু গৃহলৈ লৈ যায় । ইফালে এই ঘটনাৰ পাছতেই যোৰহাট আৰক্ষীৰ এটা দলে এল কে পথৰ ভাড়া ঘৰৰ পৰা দম্পত্তি হালক আটক কৰি যোৰহাট সদৰ থানালৈ আনে ।

উল্লেখ যোগ্য যে মাধুৰ্য মোহন বৰা এটা তেল কোম্পানীৰ উচ্চ পদস্থ বিষয়া । তেওঁ আন এখন ৰাজ্যলৈ বদলি হোৱাৰ ফলত যাবলৈ যো জা কৰি থাকোতেই আৰক্ষীয়ে আটক কৰে । ইতিমধ্যে যোৰহাট আৰক্ষীয়ে দম্পত্তি হালক এই সন্দৰ্ভত সোধ পোচ কৰি আছে ।