এক জঘন্য হত্যাকাণ্ড, নিজ স্বামীয়ে হত্যা কৰিলে পত্নীক

নিউজ ডেস্ক ,৩ মে:-পবিত্ৰ ঈদৰ উল ফিতৰৰ মাজতে এক জঘন্য হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় মঙলদৈত ।
সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড, এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় মঙলদৈ চহৰৰ ২নং ৱাৰ্ডত ।
হত্যাকাৰী স্বামীৰ নাম বান্দিয়াৰ নুৰ ইছলাম সোমবাৰে নিশাৰ ভাগত অতি নিৰ্মম ভাৱে নিজ স্বামীয়ে হানি-খুঁচি হত্যা কৰে পত্নী আজিয়া বেগমক ।
জানিব পৰা মতে,পত্নী আজিয়া বেগমৰ সৈতে মঙলদৈত ভাড়াঘৰত বসবাস কৰিছিল হত্যাকাৰী স্বামী নুৰ ইছলাম ।
মানৱতাৰ চৰম সীমা পাৰ কৰা এই জঘন্য হত্যাকাণ্ডক কেন্দ্ৰ কৰি মঙলদৈ বাসীৰ মাজত অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।
উল্লেখযোগ্য যে, এই চাঞ্চল্যকৰ হত্যাকাণ্ড কিহৰ বাবে সংঘটিত হ’বলৈ পালে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী বান্দিয়াৰ নুৰ ইছলামক ।