Local, Vocal, Global

এক বিশেষ ৰেলী ,১০ মে’ত বিশেষ কাৰ্যসূচীৰে অসম আৰক্ষীৰ বাইক ৰেলী অনুষ্ঠান

নিউজ ডেস্ক, ৩ মে:-১০ মে’ত বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব অসম আৰক্ষীৰ বাইক ৰেলী। পূৰ্বেতও অসম আৰক্ষীয়ে কৰিছে জাতীয় সংহতি বাইক ৰেলীৰ।

অসম আৰক্ষীৰ ৰাষ্ট্ৰপতি বৰণ সন্মান‘ৰ গৌৰৱময় কাৰ্যসূচী অনুষ্ঠান উদযাপন কৰা হয় ১০ মে’ত ।

এই বিশেষ বাইক ৰেলী অনুষ্ঠান অনুষ্ঠিত হয় ধুবুৰীৰ ইণ্ডো-বাংলাদেশ সীমান্তত । অসম আৰক্ষীৰ এই বাইক ৰেলী অনুষ্ঠানত অংশগ্ৰহণ কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তক, আইপিএছ আনন্দ মিশ্ৰকে ধৰি কেইবাগৰাকী আৰক্ষীয়ে ।

এই বিশেষ বাইক ৰেলী ধুবুৰীৰ অসম বংগ সীমান্তৰ পৰা আৰম্ভ কৰি শদিয়ালৈ চলিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ অৰ্থে উলিওৱা হৈছে এই বিশেষ বাইক ৰেলী অনুষ্ঠান ।