Local, Vocal, Global

এক বিশেষ বাৰ্তা লৈ দৰং জিলাত আৰক্ষী বিষয়া আনন্দ মিশ্ৰ

নিউজ ডেস্ক,৩ মে:- President colures Award ৰ বাৰ্তা লৈ দৰং জিলাত উপস্থিত আৰক্ষী বিষয়া আনন্দ মিশ্ৰ ৷

ধুবুৰীৰ পৰা সদিয়ালৈ যাবলগীয়া মটৰ চাইকেল যাত্ৰাত আনন্দ মিশ্ৰক সহযোগ কৰিলে কেইবাজনো সুদক্ষ আৰক্ষী যোৱানে ৷

আজি দৰং জিলাৰ সীমাৰ পৰা দৰং উপ আৰক্ষী অধিক্ষক প্ৰাঞ্জল বৰুৱা আৰু মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিয়ে আদৰণি জনালে ৷

দৰং আৰক্ষী অধিক্ষকে আয়োজন কৰা আদৰণী অনুস্থানত জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰা এই সন্মান আৰক্ষীৰ বাবে বৃহৎ সফলতা বুলি দাবী কৰে ৷
এনে সন্মান লাভ কৰা অসম দেশৰ দশম ৰাজ্য বুলি প্ৰকাশ কৰি আনন্দ মিশ্ৰই এই সাফল্যক সকলোকে উৎযাপনৰ আহ্বান জনায় ৷

উল্লেখযোগ্য যে অহা ১০ মেত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী অমিত সাহে গুৱাহাটীত এই সন্মান অসম আৰক্ষীলৈ প্ৰদান কৰিব ৷