Local, Vocal, Global

ছফ্টৱেৰ অভিযন্তাই নাপাই বিবাহৰ বাবে কন্যা!

নিউজ ডেস্ক : বিবাহৰ বাবে সকলোৱেই উপযুক্ত পাত্ৰ বা পাত্ৰী বিচাৰে। সময়ৰ অগ্ৰগতিৰ লগে লগে জীৱনসংগী বিচাৰিবৰ বাবে প্ৰায় সংখ্যকেই সামাজিক মাধ্যমত বিজ্ঞাপন দিয়া পৰিলক্ষিত হয়। বিভিন্ন সময়ত প্ৰকাশ পোৱা কিছুমান বিশেষ বিজ্ঞাপনে সামাজিক মাধ্যমত চৰ্চা লাভ কৰে।

কেতিয়াবা যদি ধুনীয়া ছোৱালী বিচাৰি দিয়া বিজ্ঞাপন। আকৌ কেতিয়াবা শকত দৰা বিচাৰি দিয়া বিজ্ঞাপন। যদিও বেছিভাগ বিজ্ঞাপনে আনন্দ প্ৰকাশ কৰে কিন্তু তাৰ মাজৰে কিছুমান বিজ্ঞাপনত এক শ্ৰেণীৰ লোকৰ প্ৰতি অপমান বা ঘৃণাৰ এক ছবিও প্ৰতিফলিত হয়।

শেহতীয়াকৈ, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেনে এক বিজ্ঞাপন। বিজ্ঞাপনটো আমি সাধাৰণতে বাতৰি কাকতৰ পৃষ্ঠাত দেখা বিবাহৰ বিজ্ঞাপনবোৰতকৈ সম্পূৰ্ণ পৃথক। ইয়াত, পাত্ৰটোৰ কিমান উচ্চতা বা ছালৰ ৰং সম্পৰ্কে কোনো তথ্য উল্লেখ কৰা হোৱা নাছিল। কেৱল ছফ্টৱেৰ অভিযন্তাসকলৰ বিৰুদ্ধে এক অদ্ভুত বৈষম্য লক্ষ্য কৰা হৈছিল।

বাতৰি কাকতত প্ৰকাশ পোৱা বিজ্ঞাপনটোত এগৰাকী ধুনীয়া কইনাৰ বাবে উপযুক্ত দৰা বিচাৰি ছপা কৰা হৈছিল।

বিজ্ঞাপনটোত কইনাগৰাকীৰ বয়স আৰু শিক্ষাগত অৰ্হতাৰ কথাও উল্লেখ কৰা হৈছে। আই.এ.এছ./আই.পি.এছ. বা চিকিৎসক, উদ্যোগপতি/ব্যৱসায়ী দৰা বিচাৰিছে কইনাৰ বাবে। কিন্তু, বিজ্ঞাপনৰ একেবাৰে শেষত কোৱা এটা শাৰীক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছে।

বিজ্ঞাপনটোত ছফ্টৱেৰ অভিযন্তাসকলক আগ্ৰহী হ’লেও যোগাযোগ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছিল।