Local, Vocal, Global

সোপাধৰা আতংক! সঁচাকৈয়ে সোপাধৰা আহিছে নেকি?

নিউজ ডেস্ক : সোপাধৰাক লৈ ৰাজ্যজুৰি পুনৰ এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰা দেখা গৈছে। বিভিন্ন ঠাইত সোপাধৰাৰ সন্দেহত নিৰীহ লোক অত্যাচাৰৰ বলি হোৱা ঘটনায়ো দখল কৰি আহিছে সংবাদ শিৰোনাম।

তেনে এক ঘটনাই সংঘটিত হৈছে কাছাৰত। বুধবাৰে কাছাৰ জিলাত সোপাধৰাৰ সন্দেহত এদল উত্তেজিত লোকে এজন ব্যক্তিক নিৰ্মমভাৱে প্ৰহাৰ কৰে। লগতে তেওঁৰ বাহনখনতো জুই লগাই দিয়ে।

পৰৱৰ্তীসময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

add3

এছ পি নুমল মহত্তাই নাগৰিকসকলৰ উদ্দেশ্য কৰি সোপাধৰাৰ সন্দৰ্ভত প্ৰচাৰ হৈ থকা যিকোনো উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

তেওঁ লগতে কয় যদি কোনোলোকে উৰাবাতৰি বিয়পোৱা বা কোনো সন্দেহযুক্ত ব্যক্তিক লগ পাই তেন্তে লগে লগে আৰক্ষীক অৱগত কৰক। আইন আপোনাৰ হাতত নল’ব আমি ব্যৱস্থা গ্ৰহণ কৰিম। বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে।