Local, Vocal, Global

পুনৰ পজিটিভ-নিগেটিভ প্ৰসংগ ! এইবাৰৰ স্থান যোৰহাটৰ কাকজান

যোৰহাট জিলাৰ কাকজান বাম কুকুৰাচোৱাৰ এগৰাকী যুৱতী ক’ভিড-১৯ ত আক্ৰান্ত হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চটোত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । ২৭ জুনত গুৱাহাটীৰ পৰা নিজ ঘৰলৈ আহি হোম কোৱাৰেন্টাইনত থকা শিল্পী কাকতি নামৰ যুৱতী গৰাকীক শুক্ৰবাৰে কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীয়ে গৈ যুৱতী গৰাকীৰ ক’ভিড-১৯ নিগেটিভ বুলি জানিবলৈ দিয়ে । স্বাভাৱিকতে এই ফলাফল শুনি স্বস্তিৰ নিশ্বাস পেলায় পৰিয়ালয়ে । শুক্ৰবাৰে  বিয়লি লাহদৈগড় চাৰিআলিৰ কেইবাখন ব্যৱসায় প্ৰতিষ্ঠানত বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত তেওঁক এম্বুলেঞ্চত অহা আন এটা স্বাস্থ্য কৰ্মীৰ দলে ক’ভিড-১৯ ত আক্ৰান্ত হোৱা বুলি জনাই যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায় ।

এঘন্টাৰ ভিতৰত পজিটিভ-নিগেটিভ দুটাকৈ ফলাফল ওলোৱা এই ঘটনাই উন্মোচিত কৰিছে কৰ’না প্ৰসংগত ছাত্ৰ সন্থা আৰু স্বাস্থ্য মন্ত্ৰীৰ মাজত অব্যাহত থকা বহু চৰ্চিত নাটকৰ যেন প্ৰতিফলন । এতিয়া সমগ্ৰ অঞ্চলটোতে আতংকই সুচনা কৰিছে। ইপিনে শুক্ৰবাৰেই যুৱতীগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও এই পৰ্যন্ত ঘৰখনলৈ কোনো চিকিৎসাকৰ্মী,প্ৰশাসনৰ লোক গৈ পৰিয়ালটিক স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা জনোৱা নাই বুলি জানিবলৈ দিছে পৰিয়ালৰ সদস্যই ।