Local, Vocal, Global

লখিমপুৰ আৱৰ্ত ভৱনত কোৱাৰেনটিনত সাংসদ প্ৰদান বৰুৱা

লখিমপুৰ আৱৰ্ত ভৱনত কোৱাৰেনটিনত সাংসদ প্ৰদান বৰুৱা। শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া কভিড-১৯ ত আক্ৰান্ত হোৱাৰ লগে লগে লখিমপুৰ আৱৰ্ত ভৱনতে কোৱাৰেনটিনত সাংসদ গৰাকী । যোৱা ৮ জুলাইত বিধায়ক গৰাকীৰ সৈতে একেলগে শদি‌য়া সমষ্টি পৰিভ্ৰমণ কৰিছিল সাংসদ প্ৰদান বৰুৱাই। ইতিমধ্যে সাংসদ গৰাকীৰ লগতে ব্যক্তিগত সচিব, দেহৰক্ষী আৰু চালকৰ  স্বাৱ টেষ্ট কৰোৱা হৈছে। ৰিপৰ্ট নহালৈকে সাংসদ গৰাকীৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। কোনো ব্যক্তিয়ে এই কেইদিনত লগ কৰিব নোৱাৰিব আৱৰ্ত ভৱনতে আৱদ্ধ হৈ থাকিব সাংসদ গৰাকী।