ভাৰতবৰ্ষত কৰ’নাসৃষ্ট পৰিৱেশ ভয়ংকৰ
অতি ভয়ংকৰ হৈ উঠিছে ভাৰতবৰ্ষত কৰ’না মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতি৷ ৱৰ্ল্ড’মিটাৰৰ সমীক্ষা মতে কৰ’নাই সবাটোকৈ সংহাৰ সৃষ্টি কৰা পৃথিৱীৰ দেশসমূহৰ তালিকাত এতিয়া তৃতীয় স্থানত ভাৰতবৰ্ষৰ নাম৷ দেওবাৰৰ ভিতৰত কৰ’নাই ভয়াৱহ ৰূপ লোৱা দেশৰ তালিকাখনত আমেৰিকা আৰু ব্ৰাজিলৰ পিছতে ৰাছিয়াক অতিক্ৰম কৰি ভাৰতে দখল কৰিছে তৃতীয় স্থান৷ সমগ্ৰ দেশৰ বাবেই সোমবাৰৰ দিনটোত এই খবৰ পৰিগণিত হৈছে অতি ভয়াৱহ খবৰ ৰূপে৷ সোমবাৰে প্ৰকাশ পাইছে যে ভাৰতবৰ্ষত ২৪,২৪৮গৰাকী লোক নতুনকৈ ক’ভিড-১৯ পজিটিভৰূপে ধৰা পৰিছে৷ দেশত কৰ’নাৰ কৱলত পৰি যোৱা ২৪ ঘণ্টাত ৪২৫গৰাকীৰ মৃত্যু হৈছে৷ শেহতীয়া তথ্যমতে ভাৰতবৰ্ষত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৬,৯৭,৪১৩গৰাকী৷ ইয়াৰ ভিতৰত ২,৫৩,২৮৭টা ঘটনা সক্ৰিয়৷ আনহাতে, ৪,২৪,৪৩৩গৰাকী ৰোগী কৰ’নাৰ কৱলৰ পৰা আৰোগ্য হৈ উঠিছে৷ দেশত সৰ্বমুঠ মৃতকৰ সংখ্যা ১৯,৭০৩গৰাকী৷ এয়া কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য৷ ভাৰতবৰ্ষত মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লীৰ পৰিস্থিতি আজিও অতিকে ভয়াৱহ৷ মহাৰাষ্ট্ৰত এইপৰ্যন্ত ২,০৬,৬১৯গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত মৃত্যু হৈছে ৮,৮২২গৰাকীৰ৷ উল্লেখ্য যে কৰ’নাৰ সংহাৰৰ দিশেৰে বিশ্বৰ শীৰ্ষ স্থানত থকা আমেৰিকাত এইপৰ্যন্ত মৃত্যু হৈছে ১,৩২,৫৬৯গৰাকীৰ৷ দ্ৱিতীয় স্থানত থকা ব্ৰাজিলত মৃতকৰ সংখ্যা ৬৪,৯০০গৰাকী৷