Assam | Barpeta news: বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত কংগ্ৰেছৰ ত্ৰিৰংগা যাত্ৰা

বৰপেটা : দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত পাকা বেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত শুকুৰবাৰে ত্ৰিৰংগা যাত্ৰা শীৰ্ষক এক বিশাল মটৰ চাইকেল ৰেলী উলিওৱা হয়। দক্ষিণ পাকা গাঁও পঞ্চায়তৰ পিঠাদি হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই মটৰ চাইকেল ৰেলী সামৰণি পৰে বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত।
সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত উলিওৱা এই বিশাল মটৰ চাইকেল ৰেলীত তিনি হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে। উল্লেখ যে এই ত্ৰিৰংগা যাত্ৰা শীৰ্ষক মটৰ চাইকেল ৰেলীত পাকা বেতবাৰী ব্লক কংগ্ৰেছ কমিটীৰ অধিনস্থ ১৫ খন গাওঁ পঞ্চায়তৰ কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে অংশ কৰে।