Assam | Bilasipara news: চিতু বৰুৱা আৰু শৃংখল চলিহাক প্ৰতাহব্বান জনাই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পুস্তিকা মুকলি

বিলাসীপাৰা: উজনি অসমৰ চিতু বৰুৱা আৰু শৃংখল চলিহাক প্ৰতাহব্বান জনাই নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPয়ে পুস্তিকা লিখি মুকলি কৰিছে ইতিহাস।
আজি অৰ্থাৎ ১৫ আগষ্টৰ দিনাৰ পৰাই উজনি অসমত মিঞা খেদা অভিযান আৰম্ভ কৰিব খোজা বিষয়টোকলৈ এইবাৰ জাঙুৰ খাই উঠিছে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল বাৰেক ফকিৰে। মিঞা খেদিব বিচৰা শৃংখল চলিহা আৰু চিতু বৰুৱাক প্ৰতাহব্বান জনাই এই পুস্তিকাৰ জড়িয়তে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPয়ে মুকলি কৰিছে মুছলমানৰ ইতিহাস।
মুছলমান সকলোৰ স্বাধীনতা আন্দোলনত কি কি অৱদান আছে আৰু স্বাধীনতা আন্দোলনত কিমানজন মুছলমান ব্যক্তিৰ ত্যাগ আৰু তেজৰ বিনিময়ত ভাৰতে স্বাধীনতা লাভ কৰিছিল তাৰ বিষয়ে পুস্তিকা লিখি উলিয়াইছে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPয়ে। এইবাৰ কথাৰে নহয় হাতত কলমলৈ ওলাই আহিছে নামনিৰ দল-সংগঠনে। মুছলমানে স্বাধীনতা আন্দোলনত কৰা ত্যাগৰ বিষয়ে পুস্তিকা লিখি সংখ্যালঘু সংগঠনে শৃংখল চলিহা আৰু চিতু বৰুৱাক জনাইছে বৃহৎ প্ৰতাহব্বান।
আজি সংবাদ মে’ল পাতি স্বাধীনতা আন্দোলনত মৃত্যু হোৱা মুছলমানৰ ইতিহাসৰ পুস্তিকা লিখি দাঙি ধৰিছে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল বাৰেক ফকিৰে। সভাপতি গৰাকীৰ মন্তব্য এইখন অসম শৃংখল চলিহা আৰু চিতু বৰুৱাহতৰ বিয়াত জৈতুক দিয়া অসম নহয় এইখন অসম সকলো জাতি জনগোষ্ঠীৰ ত্যাগ আৰু তেজৰ বিনিময়ত ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰা এইখন শংকৰ আজানৰ দেশ য’ত কোনো সাম্প্ৰদায়ীকতা নচলিব বুলি হুমকাৰ দিয়া পৰিলক্ষিত হৈছে।
লগতে পড়ক: Assam | Daboka news: ডবকাত কান্সিবজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা