Local, Vocal, Global

Watch | Hajo news: প্ৰতিদৰা চৰকাৰী ভূমিত এতিয়া মিঞাৰ দপদপনি

হাজো: কি উজনি ,কি নামনি,সকলোতে এতিয়া চলিছে মিঞাৰ ভয়াৱহ আগ্ৰাসন। মিঞাৰ অবৈধ দখলৰ বিৰুদ্ধে চৰকাৰে লৈছে যুযুধান স্থিতি। মিঞাৰ বেদখলৰ বিৰুদ্ধে এফালৰ পৰা চলিছে চৰকাৰৰ বুলডজাৰ। তথাপি মিঞাৰ কবলৰ পৰা মুক্ত হোৱা নাই চৰকাৰী ভূমি।

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত নবগঠিত ৰঙিয়া বিধানসভা সমষ্টিৰ দক্ষিণ শিংৰাৰ একেই পৰিস্থিতি। দক্ষিণ শিংৰাৰ গ্ৰেজিং ৰিজাৰ্ভৰ গাতে লাগি থকা প্ৰায় 42 বিঘা চৰকাৰী ভূমিত সমবায় পদ্ধতিৰে খেতি বাতি কৰিছিল অঞ্চলটোৰ খিলঞ্জীয়া লোকে। কালক্ৰমত সেই ভূমি এতিয়া সম্পূৰ্ণৰূপে গৈছে মিঞাৰ দখললৈ।

আজিৰ পৰা প্ৰায় 20-25 বছৰ পূৰ্বে খিলঞ্জীয়াৰ আধিপত্য থকা এই ভূমিত এতিয়া বসতি স্থাপন কৰি বৃহৎ বৃহৎ পুখুৰী খান্দিছে মিঞাই। এই কাৰ্য্যত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই।

ৰাজ্যিক BJPৰ সভাপতি দিলীপ শইকীয়াৰ বাসগৃহৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত অৱস্থিত দক্ষিন শিংৰাৰ এই চৰকাৰী ভূমিত চলা বেদখলক লৈ চিন্তিত হৈ পৰিছে খিলঞ্জীয়া লোক সকল। চৰকাৰী ভূমি মিঞাৰ কবলৰ পৰা শীঘ্ৰেই মুক্ত কৰিবলৈ স্থানীয় বিধায়ক ভবেশ কলিতাক দাবী জনাইছে গাঁওবাসীয়ে ।

লগতে পঢ়ক: Watch | Dergaon news: দেৰগাঁৱৰ ১৮৯৮চনতে স্থাপিত দেৰগাঁও টাউন চৰাই নামঘৰত চুৰি কাণ্ড