Local, Vocal, Global

Watch | Rowta AJYCP leader UPPL joining: AJYCP ৰ প্রাক্তন সভাপতি লক্ষ্যজ্যোতি ডেকাৰ UPPL ত যোগদান

ৰৌতা: সমাগত BTR পৰিষদীয় নিৰ্বাচনত অধিক তৎপৰ শাসকীয় UPPL দল ।ৰৌতাত UPPL দলৰ যোগদান কাৰ্যসূচী। ৰৌতাৰ অসম জাতিয়তাবাদী যুৱ ছাত্র পৰিষদ(AJYCP)ৰ প্রাক্তন সভাপতি লক্ষ্যজ্যোতি ডেকাৰ UPPL ত যোগদান। লক্ষ্যজ্যোতি ডেকাৰ লগতে ছাত্র সংগঠনটোৰ ১০ গৰাকী প্ৰাক্তন কর্মীয়ে যোগদান কৰে UPPL দলত ।

৩৭ নং ধনশ্রী পৰিষদীয় সমষ্টিৰ UPPL ৰ ব্লক সভাপতি ৰতেন্দ্ৰ দৈমাৰী, জিলা পৰ্যায়ৰ শীৰ্ষ নেতা চাবান আলি, জিতেন ডেকাৰ উপস্থিতিত দলটোত যোগদান প্ৰাক্তন AJYCP কর্মীসকলৰ।যোগদান অনুষ্ঠানত উপস্থিত থাকি ব্লক সভাপতি ৰতেন্দ্ৰ দৈমাৰীয়ে কয় যে, ক্রমাৎ শিক্ষিত যুৱচামে আকৃষ্ট হৈছে UPPL দলত।সকলো জাতি-জনগোষ্ঠীক লৈ BTRত উন্নয়ণৰ গংগা বোৱাইছে প্ৰমোদ বড়োই। যাৰ বাবে যুৱসমাজ আজি ওলাই আহিছে মন্তব্য নেতাজনৰ। উল্লেখ্য যে এইবাৰ BPF ৰ দখলত থকা ৩৭ নং ধনশ্রী সমষ্টি যিকোনো স্বাৰ্থৰ বিনিময়ত দখল কৰাৰ বাবে অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে UPPL দলে ।