Local, Vocal, Global

Watch | Hatsingimari news : বহু প্ৰতীক্ষাৰ অন্তত গঠন কৰা হ’ল মানকাচৰ আঞ্চলিক পঞ্চায়ত

হাটশিঙিমাৰী: বহু প্ৰতীক্ষাৰ অন্তত গঠন কৰা হ’ল মানকাচৰ আঞ্চলিক পঞ্চায়ত। নাৰগিছ খানক সভানেত্ৰী ৰাখিদা বেগমক উপ সভানেত্ৰী নিৰ্বাচিত। মানকাচৰ আঞ্চলিক পঞ্চায়তৰ গঠনক লৈ সৃষ্টি হোৱা জটিলতা অৱশেষত অন্ত পৰিল। চলিত মাহৰ ১৪ তাৰিখত প্ৰথমখন সভা আছিল যদিও সৰহসংখ্যক সদস্য সদস্যা অনুপস্থিত থকাৰ বাবে গঠন কৰিব পৰা নাছিল মানকাচৰ আঞ্চলিক পঞ্চায়ত খন। আজি আকৌ মানকাচৰ আঞ্চলিক পঞ্চায়ত গঠন কৰিবলৈ সভা অনুষ্ঠিত কৰে যদিও ১৭ খন আঞ্চলিক পঞ্চায়তৰ সদস্য সদস্যাৰ পৰা ৯ জন সদস্য সদস্যা উপস্থিত থাকি সভানেত্ৰী আৰু উপ সভানেত্ৰী নিৰ্বাচিত কৰে।

লগতে পঢ়ক: Watch | AATSA Protest:ডঃ ভূপেন হাজৰিকা সেতুৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আটচাৰ প্ৰতিবাদ