Local, Vocal, Global

Watch | Goreswar news: গোৰেশ্বৰত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

গোৰেশ্বৰ: নিশা বৰষুণ দি থকাৰ মাজতে ব্লেক টেপিং ঢালি নিৰ্মাণ কৰিলে পথ । বাইহাটা চাৰিআলি-বগামাটি মূল পথৰ গোৰেশ্বৰৰ ই এণ্ড ডি চকত ঠিকাদাৰে অনিয়মেৰে পথ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে পথ নিৰ্মাণত জড়িত ঠিকাদাৰ কৰ্মচাৰীয়ে প্ৰেচাৰ মেচিনেৰে ধূলি- মাটি চাফা কৰি নোলোৱাৰ লগতে তেল ব্যৱহাৰ নকৰাকৈ বৰষুণৰ মাজতে ব্লেক টেপিং ঢালি পথ নিৰ্মাণ কৰে।

তদুপৰি সঠিকভাবে ৰোলাৰ ব্যৱহাৰ নকৰাকৈ নিশা প্ৰায় ৯ বজাত বৰষুণ দি থকাৰ মাজতে এনেদৰে পথ নিৰ্মাণ কৰাকলৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।স্থানীয় ৰাইজে ঠিকাদাৰক সঠিকভাবে
পথ নিৰ্মাণ কৰাৰ লগতে পথ নিৰ্মাণৰ সময়ত লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক ভালদৰে চোৱা-চিতা কৰিবলৈ দাবী জনাইছে।

লগতে পঢ়ক: Watch | Pijush hazarika : ‘মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিবলৈ প্ৰথমে কংগ্ৰেছে চৰকাৰ গঠন কৰিব লাগিব’