Watch | Manikachar news: দক্ষিণ শালমাৰা মানকাচৰ জিলাত ইজনৰ পিছত সিজন কৈ মন্ত্ৰীৰ আগমন
হাটশিঙিমাৰী: দক্ষিণ শালমাৰা মানকাচৰ জিলাত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিজন মন্ত্ৰীক পৰিদৰ্শন কৰি জিলাখনক কেনেকৈ উন্নত আৰু অগ্ৰগতি কৰিব পৰা যায় তাক বিশেষ বাবে গুৰুত্ব দিছে
মূখ্যমন্ত্ৰীৰ নিৰ্দেশ লাভ কৰি ইজনৰ পিছত সিজনকৈ মন্ত্ৰীয়ে পৰিদৰ্শন কৰি আছে জিলাখন ।
নামনি অসমৰ শেষৰ খন জিলা হৈছে দক্ষিণ শালমাৰা মানকাচৰ। সকলো দিশতেই পিছপৰা জিলাখনৰ একমাত্ৰ গড়কাপ্তানী পথটো হৈছে মানকাচৰ – হাটশিঙিমাৰী সংযোগী পথ। দীৰ্ঘ দিনৰ পৰাই জৰাজীৰ্ণ অৱস্থাত আছে পথটো।
জিলাখনৰ সকলো দল সংগঠন আৰু সচেতন ৰাইজৰ দীৰ্ঘ দিনৰ দাবী মানকাচৰ – হাটশিঙিমাৰী সংযোগী পথটো ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰি অনতি পলমে কাম আৰম্ভ কৰিব লাগে। জিলা খনত ইতিমধ্যে পৰিদৰ্শন কৰি গৈছে মন্ত্ৰী ৰণজিৎ দাস আৰু উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে কেইবাগৰাকীও ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াই।
যোৱা কালি মন্ত্ৰী কৃষ্ণানেন্দ পাল উপস্থিত হোৱাৰ পিছতেই নিশা আকৌ উপস্থিত হয় মন্ত্ৰী নন্দিতা গাৰ্লোচাই।দক্ষিণ শালমাৰা মানকাচৰ জিলাক উন্নত জিলা হিচাপে গঢ় দিবলৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ লৈছে বুলি সকলো মন্ত্ৰীয়ে দোহাৰে।
উল্লেখ্য যে ভাৰত – বাংলা সীমান্ত আৰু অসম মেঘালয় সীমান্তত অৱস্থিত দক্ষিণ শালমাৰা মানকাচৰ জিলা সকলো দিশৰ পৰাই পিছপৰি আছে।
লগতে পঢ়ক: Watch | Udagalguri AAMSU protest : ওদালগুৰিৰ কলাইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ