Local, Vocal, Global

Watch | Rijumoni Talukdar Takes Charge as Darrang District Congress President: মঙলদৈ ৰাজীৱ ভৱনত কাৰ্যভাৰ গ্ৰহণ নৱ-নিযুক্ত দৰং জিলা কংগ্রেছৰ সভানেত্রী ৰিজুমনি তালুকদাৰৰ

নিউজ ডেস্ক: মঙ্গলদৈ লোকসভা সমষ্টিত কংগ্ৰেছৰ ব্যাপক সাংগঠনিক তৎপৰতা। ২৬ৰ বিধানসভা নিৰ্বাচনলৈ টঙালি বান্ধিছে বিৰোধী দল কংগ্ৰেছে। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছৰে পৰা দলটোৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ থকা দলটোক উদ্ধাৰত নামি পৰিছে কংগ্ৰেছৰ নেতৃত্ব। দেওবাৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ গঠিত ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ সদস্যসকলকে ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ নিযুক্ত বিষয়ববীয়া আৰু জিলা সভাপতিৰ আনুষ্ঠনিক ঘোষণা কৰে।

দৰং জিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিযুক্তি দৰং জিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী ৰিজুমনি তালুকদাৰক।
বৃহস্পতিবাৰে মঙলদৈ ৰাজীৱ ভৱনত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। দৰং জিলা কংগ্ৰেছৰ নৱ-নিযুক্ত সভানেত্ৰী ৰিজুমনি তালুকদাৰক আদৰিবলৈ ওলাই আহিছে শতাধিক কংগ্ৰেছ কৰ্মী তথা ৰাইজ। নৱ-নিযুক্ত সভানেত্ৰী গৰাকীয়ে প্ৰথমে ঐতিহ্যমণ্ডিত নাৰিকলি শিৱ মন্দিৰত সেৱা গ্ৰহণ কৰে। দৰং জিলা কংগ্রেছৰ নৱ-নিযুক্তি সভানেত্রী ৰিজুমনি তালুকদাৰক উষ্ম আদৰণিৰে আদৰণি জনাই কংগ্রেছ কৰ্মীৰ লগতে ৰাইজে।
তাৰপাছতে, সমঙলদৈ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে নৱ-নিযুক্ত দৰং জিলা কংগ্রেছৰ সভানেত্রী ৰিজুমনি তালুকদাৰে ।

অসম প্ৰদেশ কংগ্রেছ সমিতি (এপচিছি) ৰ সভাপতি আৰু লোকসভা সাংসদ গৌৰৱ গগৈৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি, নৱ-নিযুক্তি সভানেত্রী ৰিজুমনি তালুকদাৰে দৰং জিলাত কংগ্ৰেছৰ উদ্যোগত নেতৃত্ব দি নিষ্ঠাৰে কাম কৰি যাম বুলি মন্তব্য কৰে । লগতে দৰং জিলাৰ কংগ্ৰেছৰ সমূহ বিষয়ববীয়াকো ধন্যবাদ জ্ঞাপন কৰে নৱ-নিযুক্তি সভানেত্রী গৰাকীয়ে।

আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰি পোনে পোনে উপস্থিত হয় ‘ নিৰিবিলি বৃদ্ধ আৱাস বৃদ্ধাশ্ৰমত’। বৃদ্ধাশ্ৰমত উপস্থিত হয় নৱ-নিযুক্ত সভানেত্রী গৰাকীয়ে আইতাসকলৰ লগত অলপ সময় কটাই লগতে অনাগত দিনবোৰত নিষ্ঠাৰে কাম কৰি যাবলৈ আইতাসকলৰ পৰা আশীষ বিচাৰে।

লগকে পঢ়ক : লগকে পঢ়ক : Watch | Dalgaon protest : দলগাৱঁত উচ্ছেদক লৈ প্ৰতিবাদ সাব্যস্ত তীব্ৰ প্ৰতিবাদ মুছাৰ