Assam | Mridupawan Pathak arrested for the allegation of throwing goat meat in the mosque: মছজিদত গাহৰি মাংস পেলোৱাৰ অভিযোগত আটক মৃদুপৱন পাঠক

নিউজ ডেস্ক: গো-মাংসক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতে গুৱাহাটীৰ পাঞ্জাবাৰীৰ ঈদগাহ মছজিদত উদ্ধাৰ হৈছিল গাহৰিৰ মাংস । শনিবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে মছজিদৰ চৌহদত পেলাই থৈ গৈছিল গাহৰী মাংসৰ টোপোলা । মহানগৰীৰ পাঞ্জাবাৰীৰ পুৰণবস্তিৰ মছজিদত পেলাই থৈ গৈছিল গাহৰিৰ মাংস ।
ৰাজ্যত গৰু-গাহৰিৰ বিতৰ্কৰ মাজতে ভয়ংকৰ ঘটনা । দিছপুৰ আৰক্ষীয়ে আটক কৰে মৃদুপৱন পাঠক নামৰ এজন যুৱকক ।বৰপেটাৰ পৰা আটক মৃদুপৱন পাঠকক।
জেৰাত মছজিদত গাহৰি মাংস পেলোৱাৰ কথা স্বীকাৰ মৃদুপৱনৰ ।
গোচৰ নং ৫৬৮/২৫ U/S১৯৬(২) BNS ভিত্তিত তলব মৃদুপৱনক ।
বৰপেটাৰ ৯ নং ৱাৰ্ডৰ নিৱাসী মৃদুপৱন পাঠক ।