Local, Vocal, Global

Watch | Himanata biswa sarama: ‘উচ্ছেদ চলি আছে চলি থাকিব’-মুখ্যমন্ত্ৰী

গোৰেশ্বৰ: গোৰেশ্বৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীয়ে গোৰেশ্বৰত উপস্থিত হৈ গুৰমৌত ভয়াম জনজাতি উন্নয়ন পুজিৰে নৱ নিৰ্মিত বাথৌ থানচালিৰ শুভ উদ্বোধন কৰে।

বড়ো জনগোষ্ঠীৰ আৰাধ্য বাথৌ থানচালি শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে-”বড়ো জাতিৰ বাথৌ ভগৱানৰ পঞ্চভূতৰ প্ৰতি সন্মান জনাই এই বাথৌ ভগৱানক যি পূজা কৰা হয় এই পূজাই আমাক সকলোকে অনুপ্ৰাণিত কৰে।”অসমবাসীৰ কল্যাণৰ বাবে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে বাথৌ ভগৱানক প্ৰাৰ্থনা জনাই।

ইপিনে, চাপৰত চলোৱা উচ্ছেদ অভিযান সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে-” অখিল গগৈয়ে যি কয় সেইটো তেওঁ জানিব, মই মোৰ ৰাষ্টাত থাকিম আৰু তেওঁ তেওঁৰ ৰাষ্টাত থাকক। অখিল গগৈয়ে এটা বিশেষ সম্প্ৰদায়ৰ হকে মাত মাতে”।

আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “বিজেপিত সকলো পুৰনা, নতুন কোনো নহয়। আজি নতুনকৈ ১৮ বা ২৫ বছৰীয়া যুৱক এজন আহিলে কি বিজেপি দলত নলম নেকি? নললে কংগ্ৰেছ দলত সোমাব। তেতিয়াহলে বিজেপি ইলেক্সনত কেনেকৈ জিকিব? বিজেপিক ইলেক্সনত হৰোৱা বুদ্ধি দিব নালাগে জিকা বুদ্ধি দিব”।

মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিটিআৰৰ গোৰেশ্বৰৰ পাৰিষদ পৱিত্ৰ কুমাৰ বড়ো, বিজেপিৰ যুৱ নেতা চক্ৰধৰ বড়ো আদি‌য়ে।

লগকে পঢ়ক : Watch | Kharrupetia police arrested the notorious criminal Saidur Rahman: খাৰুপেটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুধৰ্ষ ছাইবাৰ অপৰাধী ছাইদুৰ ৰহমানক