Watch | Hatsingimari news: মানকাচৰ জিলাত বানশালী পাইকান বজাৰ নামেৰে এখন অবৈধ বজাৰ পাহাৰ কাটি গঢ় লৈ উঠিছে
নিউজ ডেস্ক: নিশাৰ সুযোগ বুজি গঢ় লৈ উঠিছে এখন বিশেষ বজাৰ। বন বিভাগৰ মাটি অবৈধ বাবে দখল কৰি গঢ় লৈ উঠিছে এখন বিশেষ বজাৰখন।
গছ পাহাৰ কাটি নিশাৰ সুযোগ বুজি গঢ়ি উঠিছে এই বজাৰ খন। এই বজাৰ খন পৰিচালনা কৰে কেইজনমান বিশেষ ব্যক্তিয়ে।অবৈধ মাটিত দোকান দিবলৈ বিশেষ ব্যক্তি কেইজনক দিব লাগে মোটা অংকৰ ধন।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ বন বিভাগৰ অন্তৰ্গত বানশালী পাইকান বজাৰ নামেৰে অবৈধ ভাৱে বহু দিনৰে পৰা চলি আছে এই বজাৰখন। অবৈধভাৱে মানকাচৰৰ বন বিভাগৰ মাটি কাটি স্থাপন কৰা বজাৰখনক লৈ কেইজনমানে চলাই গৈছে গুণ্ডাগিৰি। নিজস্ব স্বাৰ্থৰভাৱে স্থাপন কৰা হৈছে এই বজাৰ খন।
কোনোবা এজন ব্যক্তিয়ে যদি উক্ত বজাৰ খনত কিবা দোকান দিবলৈ আহে তেন্তে আগধন হিচাপে দিব বিশেষ ব্যক্তিকেইজনক দিব লাগে বৃহৎ পৰিমানৰ ধন। পিছে বিশেষ ব্যক্তিকেইজন হয় কোন ?কোনে এই সাহস দিলে ?
ইফালে চৰাকাৰে উচ্ছেদ চলাইছে আৰু আনফালে নিশাৰ সুযোগ বুজি পাহাৰ কাটি বন বিভাগৰ মাটিত গু্ডাগিৰি চলোৱা ব্যক্তিকেইজনক কিয় কোনোৱে একো কব নোৱাৰে। কাৰ নেতৃত্বত চলাই গৈছে এই বিশেষ বজাৰখন? সেইয়াও নাম সহকাৰে ফাদিল কৰিম । কেৱল অপেক্ষা এতিয়া মানকাচৰ বন বিভাগৰ।