Local, Vocal, Global

Watch | Mushalpur HMC press meet: ‘দাবী মানি নল’লে ঘটিব পাৰে অঘটন’ -সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থা

মুছলপুৰ: বাক্সাৰ মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত আজি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে ।

তেওঁলোকে কয় যে-‘ এতিয়ালৈ আমি অসম চৰকাৰক সহযোগ কৰি আছোঁ । কিন্তু তেওঁলোকে বাৰে বাৰে আমাক আশা দি আশাত চেচাপানী ঢালি আহিছে । আমি অসম চৰকাৰৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ আপুনি আমাৰ দুখ বুজি লওক । কিমান কষ্ট কৰি কৰ্মচাৰী সকলে গেটৰ তলা খোলাৰ পৰা আৰম্ভ কৰি তেজ পৰীক্ষাত সহায় কৰালৈকে কাম কৰে কিন্তু কেনেকৈ চলিছে পৰিয়াল, এবাৰ আপোনালোকে ভাৱক । যদি আমাৰ দাবী মানি নলয় তেন্তে কি অঘটন ঘটিব তাৰ কোনো ঠিক নাই আৰু জগৰীয়া হ’ব অসম চৰকাৰ ।’

লগতে পঢ়ক : Watch | adbody found in jorhat: যোৰহাট দিসৈ নগৰৰ সমিপৰ ভৌগদৈ মাথাউৰি কাষত উদ্ধাৰ অনিমেষ বৰাৰ মৃতদেহ