Local, Vocal, Global

Watch | Mazbat UPPL meeting : ওদালগুৰি জিলাৰ মাজবাটত UPPL দলৰ বিশাল জনসভা

ওদালগুৰি: ওদালগুৰি জিলাৰ মাজবাটত UPPL দলৰ বিশাল জনসভা । মাজবাটৰ ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামৰ খেলপথাৰত অনুষ্ঠিত ‘হিতাধিকাৰী সন্মিলন আৰু সামাজিক- অর্থনৈতিক সজাগতা সভা’ত বিশিষ্ট অতিথি হিচাপে উপস্থিত BTR প্রাক্তন ডেপুটি চীফ খাম্ফা বৰগয়াৰী, বন বিভাগৰ EM ৰঞ্জিত বসুমতাৰী, প্রমোদ বড়োৰ ৰাজনৈতিক উপদেষ্টা মাধৱ ছেত্ৰীকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি|

প্রখৰ ৰদকো নেওচি বিশাল জনসভাত উপস্থিত ৩৯ নং পাচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ১২ টা VCDC ৰ প্রায় ৬ সহস্রাধিক লোক । BTR চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰা হয় এই সভাত।
নির্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী থকাৰ মাজতেই বিজেপিৰ দখলত থকা এই সমষ্টিত UPPL ৰ এই বিশাল জনসভা ইতিবাচক হিচাপে পৰিগণিত হৈছে।

লগতে পঢ়ক: Watch | Bilasipara Evection:শীঘ্ৰেই বিলাসীপাৰাত চলিৱ অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান