Watch | Jamugurihat News : জামুগুৰিহাটত দ্বাদশ আসম আৰক্ষী বাহিনী জোৱানৰ প্ৰশংসনীয় পদক্ষেপ
জামুগুৰিহাট: জামুগুৰিহাটত দ্বাদশ আসম আৰক্ষী বাহিনী জোৱানৰ প্ৰশংসনীয় পদক্ষেপ। চাৰিশৰনীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে ৰোপন ১১০০ জোপা মূল্যৱান গছৰ পুলি। বৃক্ষৰোপন কৰিলেই নহব,ইয়াক আমি নিজৰ সন্তানৰ দৰেই লালন পালন কৰিবও লাগিব ৷ এজোপা গছ প্ৰয়োজনত কাটিলে এশজোপা গছৰ পুলি ৰোপন কৰাৰ পৰামৰ্শ বিধায়কৰ ৷
শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাত এগৰাকী আৰক্ষী জোৱানে আজি দেখুৱালে এক মহান প্ৰশংসনীয় পদক্ষেপ। কুসুমটোলাৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ ৰাজকুমাৰ শৰ্ম্মা নামৰ এজন আৰক্ষী জোৱানজনে চাৰিশৰনীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোপন কৰিলে ১১০০ গছৰ পুলি। গছ থাকিলেহে মানুহ থাকিব এই বাক্যশাৰীৰ মহত্ব বুজি আৰক্ষীৰ জোৱান জনে গ্ৰহণ কৰে বৃক্ষৰোপণৰ দৰে এই মহান কাৰ্য্যসূচী।আজি পুৱা এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বিধায়ক গৰাকীয়ে এই বৃক্ষৰোপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি কয় যে – প্ৰাকৃতিক পৰিবেশ অক্ষুন্ন ৰখাৰ স্বাৰ্থতে আমি বৃক্ষৰোপন কৰা উচিৎ৷ কাৰন গছ থাকিলেহে মানুহ থাকিব, অৱশ্যে আমি কেৱল বৃক্ষ ৰোপন কৰিলেই নহব, ৰোপন কৰা গছৰ পুলি সমুহক আমি নিজৰ সন্তানৰ দৰেই লালন পালন কৰিবও লাগিব৷কাৰণ একবৃক্ষ দশপূত্ৰ সমান৷ কিন্তু বিশেষ প্ৰয়োজনৰ স্বাৰ্থত যদি আমি এদাল প্ৰকাণ্ড গছ কাতিব লগাও হয় তেন্তে ইয়াৰ বিপৰিতে আমি এশ জোপা গছৰ পুলি ৰোপন কৰি প্ৰাকৃতিক পৰিবেশ সুৰক্ষাৰ ব্যৱস্থা অক্ষুন্ন ৰাখিবই লাগিব ৷
এই বৃক্ষ ৰোপনৰ কাৰ্য্যসুচী শুভাৰম্ভ কৰাৰ পাছত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে জোৱান জনৰ ব্যক্তিগত প্ৰচেষ্টাতে ৰোপন কৰা হয় ১১০০ জোপা মূল্যৱান গছৰ পুলি। জোৱান জনে গছপুলি সমুহ ৰোপণ কৰি গছপুলি সমুহৰ চাৰিওফালে বাঁহৰে বেৰা দিয়াৰ ব্যৱস্থা কৰাও দেখা যায়।এই বৃক্ষৰোপন কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে দ্বাদশ অসম আৰক্ষী বাহিনীৰ আৰক্ষী বিষয়া অজিত বৰা,কিৰণ বৰা,সুৰেশ নেওঁগ,ৰবীন মেলসোধা,খৰ্গ বাহাদুৰ থাপাৰ লগতে পূব বৰভগীয়া গাঁও পঞ্চায়তৰ সভাপতি নিত্যানন্দ দাসকে ধৰি বিশিষ্ট ব্যক্তি সকলৰ লগতে অন্যান্যোআৰক্ষী জোৱান সকলেও।
উল্লেখ্য যে কুসুমটোলাৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ কৰি জামুগুৰিহাটৰ অভাৰব্ৰীজলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে আৰক্ষী জোৱান ৰাজকুমাৰ শৰ্মাৰ ব্যক্তিগতভাৱে গ্ৰহন কৰা এই বৃক্ষৰোপণৰ কাৰ্য্যসূচীৰ দৰে মহান পদক্ষেপক অদৰনী জনাই ভূয়সী প্ৰসংস কৰিছে অঞ্চলৰটোৰ ৰাইজ ও প্ৰকৃতিপ্ৰেমী সংগঠন সমুহে।