কাণপুৰৰ ছবিপুৰত দুৰ্ধৰ্ষ অপৰাধীৰে আৰক্ষীৰ ভয়াৱহ সংঘৰ্ষ
উত্তৰ প্ৰদেশৰ কাণপুৰত ভয়ংকৰ সংঘৰ্ষ
কাণপুৰৰ ছবিপুৰত দুৰ্ধৰ্ষ অপৰাধীৰে আৰক্ষীৰ ভয়াৱহ সংঘৰ্ষ। অপৰাধী চক্ৰৰ আক্ৰমণত এগৰাকী উপ আৰক্ষী অধীক্ষকসহ ৮ জোৱানৰ প্ৰাণহানী। ৰাজনৈতিক নেতাৰ হত্যাকে ধৰি ৬০টাকৈ গোচৰত অভিযুক্ত দুৰ্ধৰ্ষ অপৰাধী বিকাশ ডুবেক আটক কৰিবলৈ যোৱাৰ সময়তে আৰক্ষীৰ দলটোৰ ওপৰত জঁপিয়াই পৰে অপৰাধী চক্ৰ। আৰক্ষীৰ ৮ বিষয়া-জোৱানক হত্যা কৰি অপৰাধী চক্ৰটোৱে লুটি নিয়ে অস্ত্ৰ-শস্ত্ৰ। পিছত কাণপুৰৰ চৌদিশে অভিযান তীব্ৰতৰ কৰি তোলাত আৰক্ষীৰ গুলীত ২টা অপৰাধীৰো মৃত্যু ঘটে। উল্লেখযোগ্য যে ম’ষ্ট ৱান্টেড বিকাশ ডুবেৰ গেঙৰ এটা অপৰাধী ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে। অপৰাধ চক্ৰৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিয়া আৰক্ষীৰ বিষয়া-জোৱানসকলক শ্বহীদ ঘোষণা কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কুখ্যাত অপৰাধী চক্ৰতোৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰিবলৈ আৰক্ষী-প্ৰশাসনক নিৰ্দেশ দিছে।