Local, Vocal, Global

লাডাখ সীমান্ত আকস্মিক পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

সীমান্তত চীনক প্ৰত্যাহ্বানৰ বাবে ভাৰতৰ অবিৰত কুচকাৱাজ। নতুন দিল্লীত ডিফেন্স একুইজিচন কাউন্সিলৰ গুৰুত্বপূৰ্ণ বৈঠকত সিদ্ধান্ত ৰাছিয়াৰ পৰা আনিব ৩৩খন যুঁজাৰু বিমান। ৩৮,৯০০ কোটিৰ অস্ত্ৰ ক্ৰয়ত অনুমোদন।  ভাৰতে ক্ৰয় কৰিব ২৪৮টা ‘এয়াৰ টু এয়াৰ’ ক্ষেপণাস্ত্ৰ । ১০০০ কি:মি: দুৰত্বভেদী ক্ৰুইজ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ বাবে ডি আৰ ডি অ’ক অনুমতি। অৰুণাচলকে ধৰি ৫ ৰাজ্যৰ ২৭ সীমান্তৱৰ্তী জিলাত হ’ব দ্ৰুত উন্নয়ন । উত্তেজনাৰ মাজতে লাডাখত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ আকস্মিক পৰিদৰ্শনকালত সহযোগ কৰে প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিণ ৰাৱাট আৰু সেনা প্ৰধান এম এম নাৰাৱামে।