Local, Vocal, Global

Watch | Mushalpur GSP meeting: বাক্সাৰ থমনাত গণ সুৰক্ষা পাৰ্টীত যোগদান শতাধিকলোকৰ

মুছলপুৰ: বিটিচি পৰিষদীয় নিৰ্বাচনক লক্ষ্য হিচাপে লৈ গণ সুৰক্ষা পাৰ্টীয়ে অনুষ্ঠিত কৰিছে ইখনৰ পাছত সিখনকৈ সাংগঠনিক সভা । চুবুৰীয়ে-চুবুৰীয়ে অনুষ্ঠিত সভা সমূহত ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত যোগদান কাৰ্যসূচীও ৰূপায়ন কৰিছে । কালি বাক্সাৰ থমনাৰ উজিৰবাৰী চুপাত এক শতাধিক পুৰুষ মহিলাই গণ সুৰক্ষা পাৰ্টী চমুকৈ জিএছপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । দলৰ নেতা তথা বিটিচিৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ঘনশ্যাম দাসৰ কাম কাজত সন্তুষ্ট হৈ যোগদান কৰা বুলি মন্তব্য কৰে একাংশই । ইফালে সমষ্টিটোৰ ৰাইজে পুনৰ ঘনশ্যাম দাসক জয়ী কৰাব বুলি মন্তব্য দলীয় নেতৃবৃন্দৰ ।