Local, Vocal, Global

Watch | Sonari Taypa protest: বেদখলকাৰীৰ বিৰোদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে টাই আহোম যুৱ পৰিষদৰ

সোণাৰি: চৰাইদেউ জিলাৰ সোণাৰিত আজিও অৱহেলিত,অনাদৃত, অসংৰক্ষিত বহু ঐতিহাসিক সমল। বেদখলকাৰীৰ কৱলত সোণাৰিৰ ভজোস্থিত দগাযুঁজ ৰণকৌশল প্ৰত্নতাত্বিক স্থান। আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী বহু ঐতিহাসিক সমল এতিয়া ধ্বংসৰ গৰাহত নাইবা বেদখলকাৰীৰ কৱলত। তেনে এক ঐতিহাসিক সমল হ’ল সোণাৰিৰ ভজোস্থিত ঐতিহাসিক দগাযুঁজ ৰণকৌশল প্ৰত্নতাত্বিক স্থান।
সোণাৰি পৰা মাত্ৰ চাৰি কিলোমিটাৰ নিলগত থকা এই স্থানৰ মাটি খনন কৰাৰ লগতে বেদখলকাৰীয়ে বাঁহৰ জেওৰা দি নিজৰ দখললৈ নিয়াৰ অপচেষ্টা কৰা পৰিলক্ষিত হৈছে। দীৰ্ঘদিন ধৰি হাবি বননিৰে ভৰি পৰা ঠাইখন উদ্ধাৰৰ বাবে টাই আহোম যুৱ পৰিষদ অসমৰ বিষয়ববীয়া সকলে কিছু পদক্ষেপ গ্ৰহণ কৰাৰ লগতে কেবিনেট মন্ত্ৰী যোগেন মহন আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক অৱগত কৰাত দুয়োগৰাকী জনপ্ৰতিনিধিয়ে ঠাইখন প্ৰত্যক্ষ কৰি সংৰক্ষণৰ আশ্বাস দিয়ে যদিও আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

যাৰ ফলত শেহতীয়াকৈ দুষ্ট চক্ৰই দগাযুঁজ ৰণকৌশল প্ৰত্নতাত্বিক স্থানৰ মাটি খনন কৰাৰ লগতে বাঁহৰ জেওৰা দি নিজৰ দখললৈ নিয়াৰ অপচেষ্টা কৰা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সচেতন মহলত। আনহাতে সময় থাকোঁতেই এই ঐতিহাসিক স্থান সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে শীঘ্ৰেই ই যে নিশ্চিহ্ন হৈ পৰিব সেই কথা নিশ্চিত হৈ পৰিছে। যাৰ ফলত বেদখলকাৰীৰ বিৰোদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে টাই আহোম যুৱ পৰিষদে।