Local, Vocal, Global

WATCH | Road Accident : ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা;টেক্টৰৰ চেপাত নিহত যুৱক

জামুগুৰিহাট,২০মে’ : ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ টেক্টৰৰ চেপাত থিতাতে নিহত যুৱক ৷ নিহত যুৱক জনৰ ঘৰ ৰঙাপৰা মইনাজুলিৰ চাহ বাগিচাৰ ১১ নং লাইনত ৷নিহত যুৱক জনৰ নাম আকাশিষ ওৰাং(Road Accident)৷

জানিব পৰা মতে, ৰাতিপুৱা টেক্টৰত উঠি পথাৰত হাল বাবলৈ যোৱা সময়তে য়ুৱকজনৰ ভৰি পিছল খায় টেক্টৰৰ চেকাৰ তলত সোমায় যায় ৷ টেক্টৰৰ চকা শৰীৰৰ ওপৰত উঠি যোৱাত যুৱকজন থিতাতে নিহত হয় ৷ পাছত ৰাইজে ১০৮ এম্বুলেন্সৰে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক : WATCH | Elephant menace in Jamugurihat : জামুগুৰিহাটত বন্যহস্তীৰ তাণ্ডৱ